• Home
  • »
  • News
  • »
  • crime
  • »
  • Guwahati Double Murder| ৰহস্যঘন হৈ পৰিছে অসহায় দম্পতীৰ নৃশংস হত্যাকাণ্ড ! কেয়াৰটেকাৰ আৰু পত্নীক সোধা–পোচা আৰক্ষীৰ

Guwahati Double Murder| ৰহস্যঘন হৈ পৰিছে অসহায় দম্পতীৰ নৃশংস হত্যাকাণ্ড ! কেয়াৰটেকাৰ আৰু পত্নীক সোধা–পোচা আৰক্ষীৰ

ধন সোনৰ লোভ নে শত্ৰুতা এতিয়াও অস্পষ্ট !

ধন সোনৰ লোভ নে শত্ৰুতা এতিয়াও অস্পষ্ট !

ধন সোনৰ লোভ নে শত্ৰুতা এতিয়াও অস্পষ্ট !

  • Share this:
ভয়ংকৰ ! শিহৰণকাৰী ! মহানগৰীৰ মাজমজিয়াত শোৱাপাটীতে দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এহাল দম্পতীক ৷ নাম ননী গোপাল বৰুৱা আৰু পত্নী মীনা বৰুৱা ৷ ননী গোপাল বৰুৱা অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় জল পৰিবহন বিভাগৰ অভিযন্তা বিপৰীতে মীনা বৰুৱা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ৷ ৮০ উৰ্ধৰ দুই পতি–পত্নীক শোৱাপাটীতে দেহৰ বিভিন্ন অংশত আঘাত কৰি হত্যা কৰি পেলাই থৈ গৈছিল দৃৰ্বত্তই ৷

পিছে কিহৰ বাবে হত্যা কৰা হল দুই লোকক সেয়া এতিয়াও অস্পষ্ট ৷ ঘটনাৰ আঁৰৰ ৰহস্য উদঘাটন কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ ঘটনাস্থলীত স্নিফাৰ ডগেৰে চলোৱা হয় সন্ধান। মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু ফৰেনচিক দলো নিয়োজিত ৷ যদিওৱা এই পৰ্য্যন্ত ভেদ হোৱা নাই কোনো তথ্য ৷

ইপিনে দুই লোকক পৰিচালনা তথা চোৱা চিতা কৰা আকাশ চৌধুৰী তথা তেওঁৰ পত্নীক আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ৷  তাৎপৰ্যপূৰ্ণ যে আকাশ চৌধুৰীয়ে বিগত প্ৰায় দুটা দশক কাল দম্পতীৰ চোৱা–চিতা কৰি আহিছে। উল্লেখ্য যে, হত্যা কৰি পেলাই থৈ যোৱা দম্পতীৰ দুই কন্যা সন্তান কৰ্মসূত্ৰে লণ্ডন আৰু মুম্বাইৰ বাসিন্দা ৷ প্ৰশ্ন হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ আঁৰত ধন সম্পত্তিৰ লোভ নে ব্যক্তিগত শত্ৰুতা সেয়া এতিযাও অন্ধকাৰত ৷
First published: