পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত ব্যৱসায়ীক ধন দাবী কৰি জালত পৰিল দুই যুৱক।জিলাখনত শেহতীয়াকৈ অচিনাক্ত দুৰ্বৃত্তই জধেমধে ধন দাবীৰে ত্ৰাসৰ চলাই থকাৰ সময়তে জিলাখনলৈ নতুনকৈ আৰক্ষী অধীক্ষক হিচাপে বদলি হৈ অহা আজাগৌৰান বসুমতাৰীৰ নেতৃত্বত আৰক্ষীয়ে ধনদাবীৰে ত্ৰাস চলোৱা চক্ৰটোৰ বিৰুদ্ধে লাভ কৰিছে সফলতা।
হামৰেনৰ এই চক্ৰটোৱে ফোনেৰে কৰি আহিছিল ধনদাবী ।সেইমতে ব্যৱসায়ীজনে হামৰেন আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৮৬/৫০৭/৫১১ ধাৰাত ১১/২১ নম্বৰত ৰুজু কৰিছিল গোচৰ।সেইমতে নৱনিযুক্ত আৰক্ষী অধীক্ষকজনে নিজেই ঘটনাটো তদাৰক কৰি থকাত এক গোপন তথ্যৰ ভিত্তিত ধনদাবী কৰা গোচৰত বলালাংছ গাঁৱৰ বৰলংকি তিমুং আৰু উমৰাংচোৰ জন ইংতিক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বাইক, দুটা মোবাইল ফোন, ধন দাবীত ব্যৱহৃত ছীম কাৰ্ড আৰক্ষীয়ে জব্দ কৰে।ইফালে ধৃত যুৱক দুজনৰ লগত বাকী আৰু কোনোবা আছে নেকি বা কোনোবা উগ্ৰপন্থী সংগঠনৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে নেকি আদি সকলো দিশবোৰ উদঘাটন কৰাৰ উদ্দেশ্য অব্যাহত আছে আৰক্ষীৰ তদন্ত।
Published by: Kokil Sarma
FIRST PUBLISHED : May 28, 2021, 16:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|