পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দিঙত বন্দুক সহ গ্ৰেপ্তাৰ হৈছে এটা হত্যাকাৰী। ধৃত হত্যাকাৰীৰ নাম ছৰ টামাহা।
উল্লেখযোগ্য যে ধৃত ছৰ টামাহা আৰু বুৰা ভয় নামৰ লোক দুজনে মিলি যোৱা ১৬ মেত একেই গাঁৱৰ ছুৱি ছুটং নামৰ এজনক গুলীয়াই হত্যা কৰাৰ অভিযোগ। ইয়াৰ পিছত আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত কৰি ৬ জুনত বুৰা ভয় নামৰ হত্যাকাৰীটোক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ আনটো হত্যাকাৰী ছৰ টামাহাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লগতে ধৃত ছৰ টামাহাৰ পৰা হত্যাত ব্যৱহৃত বন্দুকটো উদ্ধাৰ কৰে। সম্প্ৰতি জিৰিকিন্দিং আৰক্ষীৰ জিম্মাত থকা হত্যাকাৰীটোক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।
Published by: Kokil Sarma
FIRST PUBLISHED : June 14, 2021, 19:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।