মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs Seized: ড্ৰাগছ সৰবৰাহত জড়িত মহিলাক গ্ৰেপ্তাৰ, জালুকবাৰীত চলাইছিল বেহা

Drugs Seized: ড্ৰাগছ সৰবৰাহত জড়িত মহিলাক গ্ৰেপ্তাৰ, জালুকবাৰীত চলাইছিল বেহা

News18 Assam | News18-Assam
Updated:July 1, 2021, 10:43 PM IST
Drugs Seized: ড্ৰাগছ সৰবৰাহত জড়িত মহিলাক গ্ৰেপ্তাৰ, জালুকবাৰীত চলাইছিল বেহা
এক গোপন সূত্ৰৰ পৰা এই তথ্য লাভৰ পাছতেই SOGৰ দলটোৱে আজিৰ এই অভিযান চলায়।

এক গোপন সূত্ৰৰ পৰা এই তথ্য লাভৰ পাছতেই SOGৰ দলটোৱে আজিৰ এই অভিযান চলায়।

  • Share this:

নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যৰ চৌদিশে অসম আৰক্ষীয়ে  অব্যাহত ৰাখিছে ৰণচালি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে মহানগৰীৰ জালুকবাৰীতো সম্পন্ন হয় এক ড্ৰাগছবিৰোধী অভিযান। প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGয়ে জালুকবাৰীৰ কাটিয়া দলঙৰ সমীপত  কৰা এই অভিযানত বহুকেইটা ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ হয়।


জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকাৰ বুলি ধাৰণা কৰা গৈছে। উল্লেখ্য যে এই অভিযানত SOGৰ দলটোৱে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মৰমী বেগম নামৰ এগৰাকী মহিলাকো আটক কৰে। আটকাধীন মহিলাগৰাকীয়ে কিছুদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছিল। এক গোপন সূত্ৰৰ পৰা এই তথ্য লাভৰ পাছতেই SOGৰ দলটোৱে আজিৰ এই অভিযানটি চলায়। এই সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত NDPS আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটকাধীন মহিলাগৰাকীক সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Published by: Gautam Barman
First published: July 1, 2021, 10:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি