চিনেমাৰ দৰেই কাহিনী। অপহৰণকাৰীক ধৰিবলৈ অপহৰণকাৰীৰ গাড়ীৰ ওপৰত জঁপিয়াই পৰিল ৰিয়েল লাইফৰ সিংঘম। তীব্ৰ বেগত চলোৱা অপহৰকাৰীৰ গাড়ীৰ ওপৰত জঁপিয়া অৱশেষত অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিলে সিংঘমে। এই ঘটনা সংঘটিত হৈছে তামিলনাডুত।
বুধবাৰে তামিলনাডুৰ মুছা নামৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ২৫ লাখ টকা নিবলৈ আহিছিল অপহৰণকাৰীৰ দলে। এই খবৰ পাই াৰক্ষীয়েও জাল পাতিছিল অপহৰণকাৰীক ধৰিবলৈ। কিন্তু আৰক্ষী অহাৰ উমান পাই অপহৰণকাৰীৰ দল পলাবলৈ চেষ্টা কৰোঁতেই চেটপেট আৰক্ষী থানাৰ হেড কনিষ্টবল এজনে অপহৰকাৰীৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছিল। কিন্তু অপহৰণকাৰীয়ে গাড়ীৰ গতিবেগ বঢ়াই দিয়াত একো উপা নাপাই হেট কনিষ্টবল জনে গাড়ীৰ বনেটৰ ওপৰতে জঁপিয়াই দিয়ে।
আৰক্ষীয়ে কেইবা কিলোমিটাৰ খেদি খেদি অপহৰণকাৰী দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে ব্যৱসায়ী মুছাৰ প্ৰাক্তন গাড়ী চালক এজন এই অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে। ঘটনা সংক্ৰান্তত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তিনিজনৰ সন্ধান অব্যাহত আছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|