Delhi Rohini Court Firing: ৰোহিণী আদালতত দুৰ্বৃত্তৰ গুলীচালনাত গেংষ্টাৰ জীতেন্দ্ৰৰ মৃত্য়ু হোৱা বাতৰিয়ে ৰাজধানীত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিউজ 18-ৰ ওচৰত উপলব্ধ ভিডিঅ'টোত, আপুনি গুলীবৰ্ষণৰ শব্দৰ মাজত আদালতত দৌৰি ফুৰা লোকসকলক দেখিব । Delhi Rohini Court Firing: ৰোহিণী আদালতত দুৰ্বৃত্তৰ গুলীচালনাত গেংষ্টাৰ জীতেন্দ্ৰৰ মৃত্য়ু হোৱা বাতৰিয়ে ৰাজধানীত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলেও দিনৰ পোহৰত আদালত চৌহদত হোৱা গুলীচালনাত স্তম্ভিত হৈ পৰিছে। খবৰ পোৱা গৈছে যে কুখ্যাত গোগী দলটোৰ মাষ্টাৰমাইণ্ড জিতেন্দ্ৰ গোগী গুলীচালনাৰ সময়ত নিহত হোৱাৰ লগতে আন ৩-৪ জন লোক আহত হয়।
গুলীচালনাৰ ঘটনাই আদালত চৌহদক জোকাৰি গৈছে। নিউজ 18-ৰ ওচৰত উপলব্ধ ভিডিঅ'টোত, আপুনি গুলীবৰ্ষণৰ শব্দৰ মাজত আদালতত দৌৰি ফুৰা লোকসকলক দেখিব । আৰক্ষী কৰ্মীসকলেও সাধাৰণ লোক আৰু আদালতত উপস্থিত থকা আন লোকসকলক সুৰক্ষিত কৰি গুলীচালনাৰ প্ৰত্য়ুত্তৰ দিয়ে।
ৰোহিণী আদালতৰ গুলীচালনাৰ ঘটনাৰ এই একচেটিয়া ভিডিঅ'টোত আৰক্ষী কৰ্মীসকলে গুলীচালনাৰ উপযুক্ত প্ৰত্যুত্তৰ দিয়া আৰু লোকসকলক ঘটনাস্থলীৰ পৰা আঁতৰোৱা দেখা গৈছে। সেই সময়ত আদালত চৌহদ আৰু সাধাৰণ লোকসকলক আতংকিত অৱস্থাত আদালতৰ পৰা ওলাই যোৱা দেখা গৈছে।
Published by: Kokil Sarma
First published: September 24, 2021, 15:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|