
ওলাব নোৱাৰি সহায়ৰ বাবে চিঞৰিবলৈ ধৰে
ওলাব নোৱাৰি সহায়ৰ বাবে চিঞৰিবলৈ ধৰে
চোৰৰ সহজ টাৰ্গেট মন্দিৰ। মন্দিৰত লুটপাতৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পাইছে দেশজুৰি। তেনে এক মন্দিৰ লুটৰ ঘটনা সম্প্ৰতি ভাইৰেল হৈ পৰিছে। মন্দিৰ লুটত নমা চোৰে মন্দিৰ লুট কৰিলে ঠিকেই, কিন্তু ওলাই আহিব নোৱাৰিলে।
ঘটনাটো অন্ধ্ৰপ্ৰদেশৰ। অন্ধ্ৰপ্ৰদেশৰ (Andhra Pradesh) শ্ৰীকাকুলামৰ উপকূলীয় জিলাৰ জামি য়েল্লাম্মা নামৰ এটা মন্দিৰৰ পৰা গহনা চুৰি কৰিবলৈ চোৰটোৱে ৱালৰ ভেণ্টিলেটৰ ভাঙি ফুটাৰে মন্দিৰত সোমায়। মন্দিৰৰ গহণা–ধন (precious jewels) আদি লুট কৰি পুনৰ সেই ফুটাৰে ওলাবলৈ চেষ্টা কৰে। কিন্তু সেই চেষ্টা বিফল হয় আৰু ওলাব নোৱাৰি সহায়ৰ বাবে চিঞৰিবলৈ ধৰে (Thief got trapped in the hole)। এই ঘটনা গাঁওবাসীয়ে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষীয়ে চোৰটোক উদ্ধাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে। চোৰটো পাপা ৰাও (৩০) বুলি প্ৰকাশ কৰা হৈছে। ঘটনাৰ পিছত গাঁওবাসীয়ে এয়া মন্দিৰৰে মাহাত্ম্য বুলি প্ৰকাশ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|