অভিযুক্তক আটক কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত দলবদ্ধ আক্ৰমণ ৷ অপৰাধীৰ পক্ষত ওলাই অহা প্ৰায় দুশজনীয়া এটা দলে দা-লাঠি আদি অস্ত্ৰ-শস্ত্ৰৰে চলালে আক্ৰমণ (Cops attacked By Villagers) ৷ এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ হাউলীৰ (Howly at Barpeta) সমীপৱৰ্তী হেলনাৰ পাম গাঁৱত ৷ হেলনাৰ পাম গাঁৱৰ মনিহাৰ খান নামৰ এজনৰ যুৱকৰ স'তে যোৱা ২৯ ছেপ্টেম্বৰত বিবাহ সম্পন্ন হৈছিল বাঘবৰ দিঘীৰপামৰ আছমিনা খাতুন নামৰ এগৰাকী যুৱতীৰ ৷ কিন্তু স্বামীৰ পৰিয়ালে বিবাহৰ পিছৰ পৰাই আছমিনাৰ ওপৰত নিৰ্যাতন চলাইছিল ৷
উক্ত আক্ৰমণত আৰক্ষীৰ সৈতে যোৱা চায়েদ আলী নামৰ এজন লোক আহত হয় ৷ উক্ত আক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু আক্ৰমণকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ অৱশেষত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা (Police fire) কৰিবলৈ বাধ্য হয় ৷ এই ঘটনাৰ পিছতে আৰক্ষীৰ বৃহৎ দল এটা গৈ ৰাজিবুল আলী কামাল মীৰ আৰু চানিদুল ইছলাম নামৰ তিনি যুৱকক আটক কৰে। এই ঘটনাটোৰ সৈতে জড়িতসকলক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান অব্যাহত ৰাখিছে।