Viral Video: পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনাই সংঘটিত হৈছে Tik Tok মহিলাক নিৰ্যাতনৰ জঘন্য ঘটনা। লাহোৰৰ মিনাৰ-এ-পাকিস্তানৰ সন্মুখত এই জঘন্য ঘটনা। Viral Video: পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনাই সংঘটিত হৈছে Tik Tok মহিলাক নিৰ্যাতনৰ জঘন্য ঘটনা। লাহোৰৰ মিনাৰ-এ-পাকিস্তানৰ সন্মুখত এই জঘন্য ঘটনা। এগৰাকী মহিলাৰ সৈতে তালিবানী (Talibani)ব্যৱহাৰ। মহিলাগৰাকীৰ মৰ্যাদা ভূলুণ্ঠিত কৰিলে এজাক নৰাধমে। ভিৰৰ মাজত মুকলিকৈ ফালি পেলোৱা হ'ল মহিলাগৰাকীয়ে পিন্ধি থকা কাপোৰ। টিক টক (Tik Tok) ভিডিঅ' বনোৱা মহিলাগৰাকীৰ সৈতে এই দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ঘটনাক লৈ থানাত গোচৰো দিছে ভূক্তভোগী মহিলাগৰাকীয়ে।
এই ঘটনা সংঘটিত হৈছে পাকিস্তান (Pakistan)ৰ লাহোৰত। পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনাই সংঘটিত হৈছে এই জঘন্য ঘটনা। লাহোৰৰ মিনাৰ-এ-পাকিস্তান (Minar-e-Pakistan)ৰ সন্মুখত হৈছে এই জঘন্য ঘটনা। মহিলাগৰাকীয়ে স্বাধীনতা দিৱসৰ ভিডিঅ' বনাই আছিল টিক টকত, তেতিয়াই একাংশ লোকে মহিলগৰাকীৰ শ্লীলতা হানি কৰে।
বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে (Kangana Ranaut)ও এই ভিডিঅ'টো শ্বেয়াৰ কৰি ঘটনাক তীব্ৰ গৰিহণা দিছে।
ঘটনাৰ পিছতে ভূক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এতিয়ালৈ ৪০০ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভিডিঅ'ৰ আধাৰত অভিযুক্তসকলক চিনাক্ত কৰি আছে লাহোৰ আৰক্ষীয়ে।
Published by: Manjumoni Borah
First published: August 18, 2021, 17:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|