ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ উজানবজাৰৰ হত্যাকাণ্ড (Uzanbazar Murder Case)ৰ কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সম্পর্কীয় ভগ্নীক অতি নৃশংসভাৱে হত্যা কৰিছিল এজন যুৱকে। তথ্য অনুসৰি ঘাতক ককায়েকে কিশোৰীগৰাকীৰ শৰীৰত ছুৰীৰে ১৫ বাৰ হানি–খুঁচি আক্রমণ কৰিছিল ৷ ভগ্নীৰ মূৰত পটাগুটিৰে প্ৰচণ্ড শক্তিৰে আঘাত কৰাৰ ফলত ব্রেইন হেম’ৰেজ হৈ মৃত্যু হৈছিল কিশোৰীগৰাকীৰ৷
শেহতীয়াকৈ আৰক্ষীয়ে লাভ কৰিছে নিহত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ (Postmortem Report) প্রতিবেদন ৷ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন ৰাজহুৱা কৰা নাই ৷ কিন্তু জানিব পৰা মতে ১৩ বছৰীয়া কিশোৰীগৰাকীক ১৫ বাৰ ছুৰীৰে আঘাট কৰিছিল হত্যাকাৰীয়ে। আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি আৰক্ষীয়ে এই জঘন্য হত্যাকাণ্ডৰ চার্জশ্বীট ইতিমধ্যে প্রায় সম্পূর্ণ কৰিছে৷ ফৰেণছিক (Forensic)আৰু ফিংগাৰ প্রিণ্ট (Finger Print)ৰ ৰিপ’ৰ্ট আৰক্ষীয়ে লাভ কৰিলেই এই নৃশংস হত্যাকাণ্ডৰ চার্জশ্বীট দাখিল কৰিব৷
লতাশিল থানা (Latashil Police Station)ত ৰুজু হোৱা ৩০৩/২১ নম্বৰৰ এই হত্যাকাণ্ডৰ গোচৰটোৰ তদন্ত প্রায় সম্পূর্ণ হোৱাৰ পথত ৷ ইতিমধ্যে হত্যাকাৰীয়েও হত্যা কৰা বুলি স্বীকাৰ কৰিছে আদালতত ৷ ড্রাগছ আসক্ত যুৱকজনে অতি নৃশংসতাৰে নিজ ভনীয়েকক হত্যা কৰিছিল বুলি স্বীকাৰ কৰিছে৷ কিন্তু প্রকৃততে কি কাৰণত ১৩ বছৰীয়া কিশোৰীগৰাকীক হত্যা কৰিলে সেই ৰহস্য আজিও ভেদ হোৱা নাই। একাংশৰ মতে ড্ৰাগছৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছিল।