কৃষিমন্ত্ৰীৰ ঘোষণাৰ পিছতো অবাধে চলি আছে ইউৰিয়া সাৰ (urea fertilizer)ৰ চোৰাং ব্যৱসায়। বৃহস্পতিবাৰে নিশা প্ৰায় ৬৫ বেগ ইউৰিয়াসহ AS-05-AC-1526 নম্বৰৰ TATA YODHA গাড়ী এখন সৰুপথাৰ আৰক্ষীয়ে চুঙাজান পঞ্চমুখীৰ গাড়ীচালক ছাদ্দাম হুছেইন আৰু জুলহাচ আলীক গ্ৰেপ্তাৰ কৰে। গাড়ী চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত বৰপথাৰ নগৰৰ মাজমজিয়াত থকা বালাজী এগ্ৰ' ছাৰ্ভিচৰ ব্যৱসায়ী অনুপ খেইতানৰ লগতে সোণালীপথাৰৰ বিমল শ্ৰেষ্ঠ নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
উল্লেখযোগ্য যে উক্ত জব্দকৃত গাড়ীখনে বৰপথাৰৰ পৰা প্ৰেমহৰা হৈ নাগালেণ্ড (Nagaland)লৈ বুলি সাৰখিনি কঢ়িয়াই নিয়াৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ লোৱা উক্ত অবৈধ সাৰভৰ্তি গাড়ীখন আৰক্ষীয়ে খেদি খেদি গন্ধকৰৈ গাঁৱত কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আনহাতে গাড়ীসহ আটক কৰা দুই ধৃত যুৱকক সোধা-পোছা কৰাৰ পিচত সাৰ ব্যৱসায়ী অনুপ খেইতান আৰু বিমল শ্ৰেষ্ঠ নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে ৷
উল্লেখযোগ্য যে গাড়ীখনে কঢ়িয়াই নিয়া ৬৫ বেগ ইউৰিয়া সাৰৰ ভিতৰত সৰ্বমুঠ ৫৫ বেগৰহে নথিপত্ৰ দেখুৱাইছিল ৷উল্লেখ্য যে ধনশিৰি মহকুমাৰ বাবে আৱণ্টিত হোৱা ইউৰিয়া (Urea) ট্ৰাকে ট্ৰাকে আহি খেতানৰ গোদামত সোমাই ঠিকেই, কিন্তু সেই ইউৰিয়া সাৰ কৃষকে পোৱাৰ বিপৰীতে উচ্চ দামত নাগালেণ্ডক বিক্ৰী কৰাৰ অভিযোগ উথ্থাপন হৈছে । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধনশিৰি মহকুমাত ইউৰিয়া সাৰৰ এক বৃহত চোৰাং ব্যৱসায় (Fertilizer Scam) চলি আহিছিল আৰু এই চোৰাং ইউৰিয়া নাগালেণ্ড হৈ ম্যানমাৰ (Myanmar)লৈ যোৱাৰ তথ্য লাভ কৰা হৈছে। অসমৰ কৃষকৰ বাবে আৱণ্টিত ২৭০ টকাৰ ইউৰিয়া সাৰ নাগালেণ্ড হৈ ম্যানমাৰৰ আফিং (Poppy) খেতিত ব্যৱহাৰ হোৱাৰ এক তথ্য পোহৰলৈ আহিছে। আৰু সেই আফিঙৰ পৰা প্ৰস্তুত হোৱা ড্ৰাগছেই এতিয়া সমগ্ৰ ৰাজ্যৰ নৱ প্ৰজন্মক ধ্বংসৰ মুখলৈকে ঠেলি দিছে। উল্লেখ্য যে এই ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ৰ বাবে ভুৱা কৃষক সৃষ্টি কৰি তেওঁলোকৰ নামৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বছৰ বছৰ ধৰি চলাই আছিল ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়।
তাৎপর্যপূর্ণ কথা এই যে ধনশিৰি মহকুমা তথা সৰুপথাৰ আৰক্ষীয়ে ইতিমধ্যে এই ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। ধনশিৰি মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত বৰ্তমানলৈকে ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত ৯টাকৈ গোচৰ ৰুজু কৰা লগতে বৰ্তমানলৈকে ৩২ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|