• Home
  • »
  • News
  • »
  • crime
  • »
  • উত্তৰ প্ৰদেশত প্ৰাক্তন প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ কৰিলে ৬ টুকুৰা; কুঁৱাত উদ্ধাৰ মুণ্ডবিহীন মৃতদেহ

উত্তৰ প্ৰদেশত প্ৰাক্তন প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ কৰিলে ৬ টুকুৰা; কুঁৱাত উদ্ধাৰ মুণ্ডবিহীন মৃতদেহ

উত্তৰ প্ৰদেশত প্ৰাক্তন প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ কৰিলে ৬ টুকুৰা

উত্তৰ প্ৰদেশত প্ৰাক্তন প্ৰেয়সীক হত্যা কৰি মৃতদেহৰ কৰিলে ৬ টুকুৰা

খবৰ অনুসৰি, চলিত বৰ্ষৰ আৰম্ভণিতে আন কোনো ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ভুক্তভোগী মহিলাগৰাকীৰ সৈতে যাদৱৰ প্ৰেমৰ সম্পৰ্ক আছিল।

  • Share this:
দেওবাৰে উত্তৰ প্ৰদেশৰ আজমগড়ত এটা কুঁৱাত কটা মৃতদেহ উদ্ধাৰ হোৱা এগৰাকী মহিলাক হত্যাৰ গোচৰত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি দেওবাৰে প্ৰিন্স যাদৱক মহিলাগৰাকীৰ মূৰটো উদ্ধাৰৰ বাবে এক স্থানলৈ লৈ যাওতে আৰক্ষীৰ সৈতে হোৱা গুলিচালনাত গুলিবিদ্ধ হয়।

আৰক্ষীৰ মতে, শনিবাৰে গ্ৰেপ্তাৰ হোৱা যাদৱে সেই স্থানতে এটা দেশী পিষ্টল লুকুৱাই ৰাখি আৰক্ষীৰ বিৰুদ্ধে ব্যৱহাৰ কৰি আৰক্ষীৰ জিম্মাত পৰা পলায়নৰ চেষ্টা চলাইছিল।

উল্লেখযোগ্য যে, যোৱা ১৫ নৱেম্বৰত স্থানীয় একাংশ লোকে পাছিমি গাঁৱৰ বাহিৰত অৱস্থিত এটা কুঁৱাৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছিল। পিছত আৰক্ষী অধীক্ষক (আজমগড়) অনুৰাগ আৰ্য্যই জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয়, আৰু দুদিনৰ পৰা তিনিদিন পুৰণি যেন লাগে।

দিল্লীৰ আফটাব-শ্ৰদ্ধা কাণ্ডৰ পিছতে উত্তৰ প্ৰদেশৰ এই জঘন্য কাণ্ডই জোকাৰি গৈছে দেশ। যাদৱে পিতৃ-মাতৃ, খুলশালীয়েক সৰ্বেশ আৰু পৰিয়ালৰ আন আন সদস্যৰ সহায়ত ২০ বছৰ বয়সীয়া আৰাধনাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, কাৰণ আৰাধনাই তেওঁক নহয় আন কাৰোবাক বিয়া কৰাইছে বুলি ক্ষোভিত হৈছিল। যুৱতীগৰাকী আজমগড় জিলাৰ ইছহাক পুৰ গাঁৱত বাস কৰিছিল।

খবৰ অনুসৰি, চলিত বৰ্ষৰ আৰম্ভণিতে আন কোনো ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ভুক্তভোগী মহিলাগৰাকীৰ সৈতে যাদৱৰ প্ৰেমৰ সম্পৰ্ক আছিল। ৯ নৱেম্বৰত যাদৱে আৰাধনাক বাইকেৰে লৈ গৈছিল এটা মন্দিৰলৈ।

তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ সৰ্বেশৰ সহায়ত তাইক চুপাৰিৰ পথাৰত ডিঙি চেপি হত্যা কৰিলে। ইয়াৰ পিছত দুয়োজনে তাইৰ মৃতদেহটো ছটা ভাগত কাটি পলিথিনৰ বেগত ভৰাই এটা কুঁৱাত পেলাই দিয়ে বুলি আৰক্ষীয়ে জনায়। কিছু দূৰৈৰ পুখুৰী এটাত মূৰটো দলিয়াই দিলে।

এই গোচৰত এতিয়ালৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা চোকা ধাৰৰ অস্ত্ৰ, এটা দেশত নিৰ্মিত পিষ্টল, আৰু এটা কাৰ্টিজ।

এই অপৰাধত যাদৱক সহায় কৰা বুলি অভিযোগ উত্থাপন কৰা সৰ্বেশ, প্ৰমিলা যাদৱ, সুমন, ৰাজাৰাম, কালাৱতী, মঞ্জু, শীলা, আটাইকেইজনেই এতিয়াও পলাতক হৈ আছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি