• Home
  • »
  • News
  • »
  • crime
  • »
  • Paresh Baruah : মন কুমলিছে নেকি পৰেশ বৰুৱাৰ! যুদ্ধ বিৰতিৰ ম্যাদ পুনৰ তিনিমাহলৈ বঢ়ালে আলফা স্বাধীনে, শান্তি আলোচনাক দিব নতুন গতি

Paresh Baruah : মন কুমলিছে নেকি পৰেশ বৰুৱাৰ! যুদ্ধ বিৰতিৰ ম্যাদ পুনৰ তিনিমাহলৈ বঢ়ালে আলফা স্বাধীনে, শান্তি আলোচনাক দিব নতুন গতি

paresh baruah, file image

paresh baruah, file image

ULFA-Iৰ যুদ্ধবিৰতিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিবাচক আখ্যা আলফা স্বাধীনৰ এই যুদ্ধবিৰতি স্থায়ী হোৱাৰ কামনা কৰিছে ৷

  • Share this:
সংগোপনে পৰেশ বৰুৱা (Paresh Baruah) নেতৃত্বাধীন আলফা স্বাধীন (ULFA-I) আৰু চৰকাৰৰ মাজৰ আলোচনাৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াই বিশেষ গতি লাভ কৰাৰ ইংগিত শনিবাৰে পোৱা গ'ল ৷ কোভিড পৰিস্থিতিৰ দোহাই দি পোনপ্ৰথমবাৰৰ বাবে বিগত ১৫ মে'ত একপক্ষীয়ভাৱে তিনিমাহৰ বাবে যুদ্ধবিৰতি (Ceasefire) ঘোষণা কৰা পৰেশ বৰুৱাই শনিবাৰে যুদ্ধ বিৰতিৰ ম্যাদ পুনৰ তিনি মাহলৈ বৃদ্ধি কৰিলে ৷ পৰেশ বৰুৱাৰ এই সিদ্ধান্তক ইতিবাচক আখ্যা দিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

পৰেশ বৰুৱাৰ এই ঘোষণা অসমবাসীৰ বাবে এক শুভ সংকেত, ইতিবাচক পদক্ষেপ বিবেচিত হৈছে ৷ এনে শুভ সংকেত ইতিমধ্যে অসমবাসীয়ে পাইছিল বিগত ১৫ মে'ৰ দিনটোত ৷ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণৰ পিছতে সাৰ্বভৌম স্বাধীন অসমৰ দাবীত অলৰ-অচৰ পৰেশ বৰুৱাই এক ইতিবাচক দিশত আগবঢ়া দেখা যায় ৷ কোভিড পৰিস্থিতিৰ দোহাই দি বিগত ১৫ মে'ত প্ৰথমবাৰৰ বাবে তিনিমাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল পৰেশ বৰুৱাই ৷

তিনিমহীয়া যুদ্ধবিৰতি ম্যাদ শনিবাৰে সমাপ্তি ঘটাৰ দিনটোতে যুদ্ধবিৰতিৰ ম্যাদ তিনি মাহলৈ বৃদ্ধি কৰে পৰেশ বৰুৱাই ৷ এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে আলফা স্বাধীনৰ উপ সভাপতি তথা মুখ্য সেনাপ্ৰধান পৰেশ বৰুৱাই কোভিড পৰিস্থিতি উন্নতি নোহোৱাৰ বাবে যুদ্ধবিৰতিৰ ম্যাদ তিনি মাহলৈ বৃদ্ধি কৰা হয় বুলি ঘোষণা কৰে ৷ এই যুদ্ধবিৰতিৰ সময়ছোৱাত বন্ধ থাকিব ULFA-Iৰ সকলো সামৰিক অভিযান ৷

পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ এই পদক্ষেপক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিবাচক আখ্যা দি আলফা স্বাধীনৰ সিদ্ধান্তক প্ৰশংসা কৰে ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই আলফা স্বাধীনৰ এই যুদ্ধবিৰতি স্থায়ী হোৱাৰ কামনা কৰে ৷

উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ সময়ৰে পৰা আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱাই বিশেষ সদভাৱ প্ৰদৰ্শন কৰি অহা দেখা গৈছে ৷ আলোচনাৰ এক ইতিবাচক পৰিৱেশ গঢ়িবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু পৰেশ বৰুৱাই উভয়ে বুজাবুজিৰে আগবাঢ়িব লাগিব বুলি ইতিমধ্যে দুয়োজনে প্ৰকাশ কৰিছে ৷ পৰস্পৰে পৰস্পৰক সন্মান জনাই ইতিবাচক দিশেৰে আগবাঢ়ি গৈ চাৰি দশক পুৰণি সমস্যা সমাধানত গুৰুত্ব দিয়া হ'ব বুলিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ঘোষণা কৰিছে ৷

অৱশ্যে সন্মানজনক আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ত কেতবোৰ গোপনীয়তা অৱলম্বন কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ এই হিচাপত ইতিমধ্যে এটা বিশেষ গোটে আলোচনা প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম কাজ আগবঢ়াই নিছে বুলি জানিব পৰা যায় ৷
Published by:Manjumoni Borah
First published: