বঙাইগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা ধাবা এখনৰ পৰা হস্ত নিৰ্মিত পিষ্টলসহ (Handmade Pistol) দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷
বঙাইগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা ধাবা এখনৰ পৰা হস্ত নিৰ্মিত পিষ্টলসহ (Handmade Pistol) দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷
বঙাইগাঁৱত অস্ত্ৰসহ (Arms) দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ ৰাখালডুবিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা ধাবা এখনৰ পৰা হস্ত নিৰ্মিত পিষ্টলসহ (Handmade Pistol) দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত যুৱক দুজন বিজনী ভেটাগাঁৱৰ অনুপ কুমাৰ দাস আৰু দিপাংকৰ সৰকাৰ ৷
আৰক্ষী আৰু চিআৰপিএফৰ দলে যুটিয়াভাৱে অভিযান চলাই ধাবাখনত পিষ্টল দুটা বিক্ৰীৰ যো-জা চলাই থকাৰ সময়তে দুয়োকে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ দুয়ো পিষ্টল দুটা চুবুৰীয়া পশ্চিমবংগৰ কোচ বিহাৰৰ পৰা ক্ৰয় কৰি অনা বুলি আৰক্ষীক স্বীকাৰ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|