• Home
  • »
  • News
  • »
  • crime
  • »
  • Barpeta : বৰপেটাত জাল মাৰ্কশ্বীট, চাৰ্টিফিকেট প্ৰস্তুত কৰা চক্ৰৰ দুজনক গ্ৰেপ্তাৰ

Barpeta : বৰপেটাত জাল মাৰ্কশ্বীট, চাৰ্টিফিকেট প্ৰস্তুত কৰা চক্ৰৰ দুজনক গ্ৰেপ্তাৰ

file photo

file photo

মেট্ৰিকৰ জাল মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট লৈ মহাবিদ্যালয়ত নামভৰ্তি কৰা কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছিল অপৰাধী চক্ৰটোৰ তথ্য

  • Share this:
জাল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট প্ৰস্তুত চক্ৰৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ। ধৃত দুই অভিযুক্ত মইনুল হক আৰু চৈয়দ ইক্ৰামুল হুছেইন৷ নলবাৰীৰ মছজিদ চ'কৰ এখন কম্পিউটাৰ দোকানৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই অভিযুক্তক৷

ধৃত দুই অভিযুক্তৰ পৰা জাল মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰস্তুতৰ কামত ব্যৱহাৰ কৰা কম্পিউটাৰ চেট আৰু প্ৰিন্টাৰ এটাও জব্দ কৰে আৰক্ষীয়ে। পূৰ্বে বৰপেটা আৰক্ষীৰ জালত পৰিছিল জাল মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট চক্ৰৰে জড়িত আন ৫টাকৈ অভিযুক্ত।

এতিয়ালৈকে ভুৱা মাৰ্কশ্বীট চাৰ্টিফিকেট চক্ৰৰে জড়িত মুঠ ৭জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে বৰপেটা আৰক্ষীয়ে। মেট্ৰিকৰ জাল মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট ব্যৱহাৰ কৰি বৰপেটাৰ গৰেমাৰীৰ জনপ্ৰিয় মহাবিদ্যালয়ত নামভৰ্তি কৰা কেইবাজনো ছাত্ৰক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত সক্ৰিয় অপৰাধী চক্ৰটোৰ তথ্য৷

এই চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভুৱা মাৰ্কশ্বীট, চাৰ্টিফিকেট যোগান ধৰি সম্পূৰ্ণ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ মন্তব্য বৰপেটা আৰক্ষীৰ। আৰক্ষীয়ে জনোৱা মতে, ভুৱা মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট প্ৰস্তুত কৰা বৃহৎ চক্ৰৰে জড়িত কেইবাজনেও কৰি আছে আত্মগোপন৷
Published by:Gautam Barman
First published: