• Home
  • »
  • News
  • »
  • crime
  • »
  • Thief Arrested : ৯ লাখ চুৰি কৰি ৫ লাখৰ সৈতে ধৰা পৰিল, শুৱনি গাঁৱৰ মধু-প্ৰণৱ আৰক্ষীৰ জালত

Thief Arrested : ৯ লাখ চুৰি কৰি ৫ লাখৰ সৈতে ধৰা পৰিল, শুৱনি গাঁৱৰ মধু-প্ৰণৱ আৰক্ষীৰ জালত

নিশা গৰমৰ বাবে সুৰেশ শৰ্মা নামৰ ব্যৱসায়ীজন ঘৰৰ চাদত শুবলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই চুৰি কাণ্ড ।

নিশা গৰমৰ বাবে সুৰেশ শৰ্মা নামৰ ব্যৱসায়ীজন ঘৰৰ চাদত শুবলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই চুৰি কাণ্ড ।

নিশা গৰমৰ বাবে সুৰেশ শৰ্মা নামৰ ব্যৱসায়ীজন ঘৰৰ চাদত শুবলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই চুৰি কাণ্ড ।

  • Share this:
ক'ভিড19 পৰিস্থিতিৰ মাজতে হঠাতে বৃদ্ধি পাবলৈ ধৰিছে চুৰিৰ ঘটনা । সৰু-সুৰা চুৰিৰ ঘটনাৰ পৰা বৃহৎ চুৰিকাণ্ডলৈকে চোৰৰ দলে উপদ্ৰৱ চলাই আহিছে গাওঁ-চহৰ সকলোতে । যোৰহাটৰ বিভিন্ন প্ৰান্তত চোৰৰ দলে অভিযান চলাই একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও যোৰহাট আৰক্ষীয়ে ইটোৰ পিছত সিটো চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ।

শেহতীয়াকৈ পুনৰ যোৰহাট আৰক্ষীৰ  জালত পৰিছে এটা দুৰ্ধৰ্ষ চোৰৰ দল । আৰক্ষীয়ে পাঁচ লাখ পাঁচ হাজাৰ পাচশ টকা সহ আটক কৰিছে দুটা গভাইত চোৰক । ধৃত চোৰ দুটা হৈছে শুৱনি গাঁৱৰ মধু নাথ আৰু প্ৰণৱ হাজৰিকা ।

যোৱা তিনি আগষ্টৰ নিশা যোৰহাট নগৰৰ সমীপৰ বৰিগাঁওত সংঘটিত হৈছিল এক চঞ্চল‍্যকৰ চুৰি কাণ্ড । সুৰেশ শৰ্মা নামৰ ব্যৱসায়ীজনৰ ঘৰৰ গ্ৰীল ভাঙি চোৰৰ দলটোৱে চুৰি কৰি নিছিল ন লাখ বিশ হাজাৰ টকা । নিশা গৰমৰ বাবে সুৰেশ শৰ্মাই ঘৰৰ চাদত শুবলৈ যোৱাৰ সময়তে সঙঘটিত হৈছিল এই চুৰিকাণ্ড । ইয়াৰ পিছৰে পৰা যোৰহাট সদৰ আৰক্ষী আৰু ভোগদৈ আৰক্ষীয়ে চোৰ কেইটাৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছিল । আৰু অৱশেষত সোমবাৰে পাঁচ লাখ পাঁচ হেজাৰ পাচশ টকা সহ দুই চোৰ জালত পৰে যোৰহাট আৰক্ষীৰ ।
Published by:Manjumoni Borah
First published: