• Home
  • »
  • News
  • »
  • crime
  • »
  • সান্ধ্য আইন ধোঁৱাচাঙত! মহানগৰীৰ জু–ৰোডত বেংককে ধৰি ২ ব্যৱসায় প্ৰতিষ্ঠানত চুৰি, লক্ষাধিক মূল্যৰ সামগ্ৰী লুট

সান্ধ্য আইন ধোঁৱাচাঙত! মহানগৰীৰ জু–ৰোডত বেংককে ধৰি ২ ব্যৱসায় প্ৰতিষ্ঠানত চুৰি, লক্ষাধিক মূল্যৰ সামগ্ৰী লুট

সান্ধ্য আইনৰ মাজতে চুৰিকাণ্ডই আৰক্ষীৰ নিষ্ক্ৰিয়তা প্ৰতিপন্ন কৰাৰ অভিযোগ।

সান্ধ্য আইনৰ মাজতে চুৰিকাণ্ডই আৰক্ষীৰ নিষ্ক্ৰিয়তা প্ৰতিপন্ন কৰাৰ অভিযোগ।

সান্ধ্য আইনৰ মাজতে চুৰিকাণ্ডই আৰক্ষীৰ নিষ্ক্ৰিয়তা প্ৰতিপন্ন কৰাৰ অভিযোগ।

  • Share this:

সান্ধ্য আইনৰ মাজতে গুৱাহাটী মহানগৰীত সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো চুৰি-ডকাইতিৰ ঘটনা। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে নতুন নতুন কৌশলেৰে সংঘটিত কৰি আহিছে চুৰি কাৰ্য।


মহানগৰী জু–তিনিআলিস্থিত এটা বৃহৎ অট্টালিকাৰ তিনিখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত চোৰে চলাই চাফাই অভিযান। এই চুৰি কাণ্ডত কেইবালাখ টকাৰ সামগ্ৰী লুটি নিয়া বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে জু–ৰোড তিনিআলিস্থিত জু–ৰোড নাৰেংগী পথত অৱস্থিত মৰমী ভট্টাচাৰ্যী নামৰ মহিলাগৰাকীৰ ব্যৱসায়ীগৰাকীৰ অট্টালিকাটোত থকা ইউনিয়ন বেংক অৱ ইণ্ডিয়া, Ahija.Com. আৰু পেষ্টিজৰ শ্ব'ৰুমত সোমবাৰে নিশা চোৰে প্ৰৱেশ কৰি চলাই অভিযান।


চোৰৰ দলটোৱে চিপৰাঙেৰে ইউনিয়ন বেংক,  Ahija.Com.  আৰু পেষ্টিজ কাৰ্যালয়কেইটাৰ মূল দ্বাৰৰ ছাতাৰ ভাঙি প্ৰৱেশ কৰে। চোৰৰ দলটোৱে Ahija.Com. নামৰ প্রতিষ্ঠানটোৰ পৰা কেইবাটাও লেপটপ, কেইবাটাও মোবাইল ফোন, বহু কেইটা DSLR কেমেৰা আৰু বহুতো নথি পত্ৰ লুট কৰি নিয়ে।


ঠিক একেদৰে ইউনিয়ন বেংকতো চোৰৰ দলটোৱে লুটপাত চলাই যদিও বেংকটোৰ পৰা টকা বা অন্য সামগ্ৰী লুট কৰি নিয়া সম্পৰ্কে আৰক্ষীয়ে এতিয়ালৈ নিশ্চিত কৰিব পৰা নাই। ইয়াৰ ওপৰতে থকা প্ৰেছটিজৰ কাৰ্যালয়টোৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ ৰন্ধন সামগ্ৰী লুট কৰি নিয়ে।  ঘটনাস্থলীত গীতানগৰ আৰক্ষী আৰু CIDৰ দল উপস্থিত হৈ চৰজমিন তদন্ত চলাই আছে যদিও এই মুহূৰ্তলৈ অপৰাধীৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি