Crime, Drugs : আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জব্দ নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ। 

News18 Assam | News18-Assam
Updated:June 7, 2021, 11:10 PM IST
Crime, Drugs : আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জব্দ নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ। 
ভাড়াঘৰৰ কোঠালীৰ পৰা ৫৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ১১,৬০০ টকা জব্দ ।

ভাড়াঘৰৰ কোঠালীৰ পৰা ৫৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ১১,৬০০ টকা জব্দ ।

  • Share this:
ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। সমান্তৰালকৈ যোৱা কিছুদিন ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ পিছতে  চান্দমাৰী থানাৰ অন্তৰ্গত পূব শৰণীয়াৰ শঙ্কৰদেৱে পথত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

সোমবাৰে গধূলি অভিযানকাৰী দলটোৱে গোপন সূত্ৰৰ পম খেদি পূব শৰণীয়াৰ শঙ্কৰদেৱে পথৰ ৪৫ নং গৃহৰ এটি ভাড়াঘৰৰ কোঠালীৰ পৰা ৫৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ১১,৬০০ টকা জব্দ কৰে। ঘটনাস্থলীৰ পৰা অভিযানকাৰী দলটোৱে AS-01-EM-9154 নম্বৰৰ স্কুটী এখনো জব্দ কৰিবলৈ সক্ষম হয়। উক্ত ঘটনাৰ সৈতে জড়িত থকা ইয়োব আলী আৰু বাপধন পাঠক নামৰ দুজন কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ইয়াৰে বাপধন পাঠকক নুনমাটি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত পূৰ্বেও গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল।

ইফালে নিশা প্ৰায় আঠ বজাত মহানগৰীৰ বোন্দাত সাধাৰণ লোকৰ বেশত নুনমাটি থানাৰ এচিপি নিলোৎপল ডেকা আৰু পানীখাইতি আৰক্ষী চকীৰ সহযোগত অভিযান চলাই ড্ৰাগছ সেৱনৰ ঘাটি উৎখাত কৰাৰ লগতে সৰবৰাহকাৰী দলক আটক কৰে। অভিযানত ড্ৰাগছ আৰু নগদ ৩৬ হাজাৰ টকাসহ চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে। আটক কৰা লোককেইজন ক্ৰমে বোন্দাৰ মণ্টু দেউৰী, বিৰকুচীৰ যতীন কলিতা, বিকাশ কুমাৰ ৰায় আৰু বিত্তু সোনাৰ।
Published by: Manjumoni Borah
First published: June 7, 2021, 11:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি