মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »নগাঁৱত জঘন্য ঘটনা! নিশা ৰাজপথত বাহনৰ পৰা দুই দুৰ্বৃত্তই মুমূৰ্ষু অৱস্থাত পেলাই গ'ল নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক

নগাঁৱত জঘন্য ঘটনা! নিশা ৰাজপথত বাহনৰ পৰা দুই দুৰ্বৃত্তই মুমূৰ্ষু অৱস্থাত পেলাই গ'ল নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী কিশোৰীক

কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

  • Share this:
অপৰাধীৰ ৰাজধানী হিচাপে পৰিগণিত হোৱা নগাওঁ চহৰত আন এক জঘন্য কাণ্ড সংঘটিত হৈছে। নিশা ৰাষ্ট্ৰীয় ঘাইপথত মুমূৰ্ষু অৱস্থাত এগৰাকী নৱম মান শ্ৰেণীৰ ছাত্ৰী উদ্ধাৰ হৈছে। কিশোৰীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

জানিব পৰা মতে, গুলজাৰ হুছেইন আৰু কুদ্দুছ আলী নামৰ কচুঁৱাৰ দুই যুৱকে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কিশোৰীগৰাকীক এগৰাকী বান্ধৱীৰ সৈতে এখন ইণ্ডিকা বাহনত ফুৰাবলৈ লৈ গৈছিল। গুলজাৰ হুছেইন কিশোৰীগৰাকীৰ সম্পৰ্কীয় ভিনিহিয়েক। কিন্তু কিছুদূৰ যোৱাৰ পিছতে গুলজাৰে বান্ধৱীগৰাকীক গাড়ীৰ পৰা নমাই দিয়ে। ইয়াৰ পিছতে কিশোৰীগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই কোনো অচিন ঠাইলৈ লৈ যায় গুলজাৰ আৰু কুদ্দুছে। কিন্তু নিশা প্ৰায় ৯ বজাত ৰাঙলু চাহ বাগিছাৰ সমীপত কিশোৰীগৰাকীক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে গাড়ীৰ পৰা পেলাই দুই দুষ্কৃতিকাৰীয়ে পলায়ন কৰে। অচেতন অৱস্থাত থকা কিশোৰীগৰাকীক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষী আৰু পৰিয়ালৰ লোকে কিশোৰীগৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

গুলজাৰ আৰু কুদ্দুছে কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল বুলি পৰিয়ালে অভিযোগ কৰে। ইতিমধ্যে, নগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে। বৰ্তমান পলাতক গুলজাৰ আৰু কুদ্দুছক বিচাৰিও নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

শেহতীয়া বাতৰি