• Home
  • »
  • News
  • »
  • crime
  • »
  • হাইলাকান্দিত ৬০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুজন

হাইলাকান্দিত ৬০ কেজি গাঞ্জাসহ গ্ৰেপ্তাৰ দুজন

আটক কৰে গাড়ীৰ চালক সুনীল কুমাৰ সিংহ আৰু তেওঁৰ লগতে থকা মিঠুন সাহা নামৰ এজন ব্যক্তিক।

আটক কৰে গাড়ীৰ চালক সুনীল কুমাৰ সিংহ আৰু তেওঁৰ লগতে থকা মিঠুন সাহা নামৰ এজন ব্যক্তিক।

আটক কৰে গাড়ীৰ চালক সুনীল কুমাৰ সিংহ আৰু তেওঁৰ লগতে থকা মিঠুন সাহা নামৰ এজন ব্যক্তিক।

  • Share this:
ৰাজ্যত যেন ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত সামগ্ৰী এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে নতুন নতুন অপৰাধীক আটক কৰিছে সিমানেই নতুন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহসমূহ ৷ পিছে অসম আৰক্ষীয়েও অব্যাহত ৰাখিছে নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ শেহতীয়াকৈ হাইলাকান্দি আৰক্ষীয়ে অব্যাহত ৰখা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত ৬০ কেজি গাঞ্জা সহ গ্ৰেপ্তাৰ কৰা হৈছে দুগৰাকী ব্যক্তিক।

মঙ্গলবাৰে নিশা এক গোপন সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি হাইলাকান্দি জিলাৰ পাচগ্ৰাম থানাৰ আৰক্ষী আৰু বিএচএফে চলায় এক যৌথ অভিযান। এই অভিযানত আৰক্ষীয়ে এখন অটো'ৰ পৰা জব্দ কৰে প্ৰায় ৬০ কিলোগ্ৰাম গাঞ্জা। লগতে আটক কৰে গাড়ীৰ চালক সুনীল কুমাৰ সিংহ আৰু তেওঁৰ লগতে থকা মিঠুন সাহা নামৰ এজন ব্যক্তিক। তেওঁলোকে এখন অটোৰ পৰা নৈশ বাছত উঠাই গাঞ্জাসমূহ গুৱাহাটীলৈ সৰবৰাহ কৰাৰ প্ৰয়াস কৰিছিলে বুলি জনাইছে হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি