ঝাণ্ডি মুণ্ডা জুৱা খেলত অত্যাধুনিক প্ৰযুক্তি ! ডাব্বুত কেমেৰা সংস্থাপন কৰি জুৱা খেল চলাই অহা দুই জুৱাৰী আৰক্ষীৰ জালত ৷
ঝাণ্ডি মুণ্ডা জুৱা খেলত অত্যাধুনিক প্ৰযুক্তি ! ডাব্বুত কেমেৰা সংস্থাপন কৰি জুৱা খেল চলাই অহা দুই জুৱাৰী আৰক্ষীৰ জালত ৷
এইবাৰ জুৱা খেলত সংযোজন ঘটিল অত্যাধুনিক প্ৰযুক্তিৰ ৷ ঝাণ্ডি মুণ্ডাৰ বাকচত (ডাব্বু) ত চিচিটিভি(CCTV) কেমেৰা সংস্থাপন কৰি অধিক মুনাফা লাভৰ নাভূত নাশ্ৰুত কাণ্ড পোহৰলৈ আহিছে ৷ বঙাইগাঁৱৰ অভয়াপুৰীত জয় চৌহান নামৰ জুৱাৰী এটাই এনে কাণ্ড সংঘটিত কৰি আৰক্ষীৰ জালত পৰিল।
জয় চৌহানে ঝাণ্ডি মুণ্ডাৰ বাকচত চিচি টিভি (CCTV) কেমেৰা সংস্থাপন কৰি এই কেমেৰাৰ দৃশ্য মোবাইলৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰি খেল পৰিচালনা কৰি আহিছিল । জয় চৌহানৰ নেতৃত্বত এটা বৃহত জুৱাৰী চক্ৰই দীৰ্ঘদিন ধৰি এনে কৌশলেৰে জুৱা খেল চলাই আহিছিল । ঝাণ্ডি মুণ্ডাৰ বাকচৰ ভিতৰত এটা চেম্বাৰ বনাই তাতে CCTV কেমেৰা সংস্থাপন কৰি গ্ৰাহকক ঠগি আহিছিল।
জুৱা খেলাৰ সময়ত জুৱাৰীটোৱে চকুত অত্যাধুনিক লেন্স লগাই লোৱাৰো অভিযোগ কৰিছে একাংশ স্থানীয় লোকে। জয় চৌহানৰ হৰাৰ সম্ভাৱনা দেখিলে লগে লগে খেল বাতিল কৰিছিল ৷ অভয়াপুৰীৰ বাতাবাৰীত একাংশ স্থানীয়লোকে জয় চৌহানৰ লগতে মহন্ত দাস নামৰ জুৱাৰীকটোকো ধৰি আৰক্ষীক গতাই দিয়ে ৷
আৰক্ষীৰ জালত পৰাৰ পিছতে পোহৰলৈ আহিল এই সমগ্ৰ কাণ্ড ৷ সহজতে ধন ঘটাৰ পথ অৱলম্বন কৰা বেচেৰা জুৱাৰী সম্প্ৰতি ৰঙাঘৰৰ আলহী।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|