নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান। বশিষ্ঠ আৰক্ষীয়ে চলাইছিল অভিযান।গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে নালাপাৰাৰ গেৰেজত চলাইছিল অভিযান। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গয়াৰীৰ নেতৃত্বত চলিছিল অভিযান (Ganja Seized in Guwahati)।
কৌশলেৰে বাহনখনৰ ৬টা স্থানত গাঞ্জাখিনি লুকাই ৰাখিছিল। AS01BE4715 নম্বৰৰ মহিন্দ্ৰ Xylo বাহনখন জব্দ কৰে। বাহনখনৰ চাৰিওফালে চেম্বাৰ বনাই কৌশলেৰে সৰবৰাহ কৰিছিল গাঞ্জা।
সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীৰ নাম বিশ্ব ৱানথ আৰু বিকাশ জামাতিয়া।দুয়োৰে ঘৰ ত্ৰিপুৰাত। জব্দ কৰিছে ১১৮ কেজি গাঞ্জাও। ত্ৰিপুৰাৰ পৰা মহানগৰীৰ মাজমজিয়া হৈ বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ কথা আছিল জব্দ হোৱা গাঞ্জাখিনি।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|