কাজিৰঙাত গঁড়ৰ খড়্গৰ চোৰাং বেহাত জড়িত থকাৰ অপৰাধত পুনৰ দুজন বনকৰ্মীক আটক কৰিছে বন বিভাগে। গঁড়ৰ খড়্গসহ আটক কৰা বনকৰ্মী দুজন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বন সুৰক্ষাকৰ্মী চনিয়া ওৰাং আৰু গৃহৰক্ষী জোৱান দ্বীপেন কুমাৰ নাথ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈয়ে কয় যে দীৰ্ঘদিন ধৰি দুয়োজন বনকৰ্মী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ ভৈচামাৰী বন শিবিৰত কৰ্তব্যৰত আছিল।
চনিয়া ওৰাং নামৰ বনকৰ্মীজনৰ অৱসৰ ল'বলৈ মাত্ৰ বাকী আছিল এটা বছৰ। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা অথবা বনত পাৰস্পৰিক যুঁজত সৰি পৰা খড়্গ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীসকলে কাৰ্যালয়ত জমা দিব লাগে। কিন্তু চনিয়া ওৰাং আৰু দ্বীপেন কুমাৰ নাথে কৰ্তব্যৰত অৱস্থাত উদ্ধাৰ কৰা এটা গঁড়ৰ খড়্গৰ টুকুৰা কাৰ্যালয়ত জমা নিদি বিক্ৰীৰ বাবে যো–জা চলাইছিল।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই বনকৰ্মী দুজনক আটক কৰাৰ লগতে খড়্গৰ টুকুৰাটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, উক্ত বনকৰ্মী দুজনক সোধা–পোছা অব্যাহত ৰাখিছে বন বিভাগে। উল্লেখ যে বৰ্তমানলৈকে গঁড়ৰ খড়্গৰ চোৰাং বেহাত জড়িত দহজন বনকৰ্মীক আটক কৰিছে উদ্যান কৰ্তৃপক্ষই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।