• Home
  • »
  • News
  • »
  • crime
  • »
  • Two Engineers Arrested: ধুবুৰীত জালত পৰিল দুই দুৰ্নীতিগ্ৰস্ত অভিযন্তা, অসমৰ পৰা পলাই পশ্চিমবংগত আছিল লুকাই

Two Engineers Arrested: ধুবুৰীত জালত পৰিল দুই দুৰ্নীতিগ্ৰস্ত অভিযন্তা, অসমৰ পৰা পলাই পশ্চিমবংগত আছিল লুকাই

ৰোজীৰাণী শৰ্মাৰ নেতৃত্বত অনুসন্ধানকাৰী আৰক্ষী দলে পশ্চিম বংগৰ এটা বিশেষ অঞ্চলৰ পৰা পলাই থকা অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাক গ্ৰেপ্তাৰ কৰে।

  • Share this:
জালত পৰিছে দুই দুৰ্নীতিগ্ৰস্ত অভিযন্তা। অৱশেষত গ্ৰেপ্তাৰ হ'ল ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুজন দুৰ্নাতিৰ ঠিকাদাৰ। প্ৰায় ৫৩ লাখ টকীয়া আঁটনীৰ ধন হৰলুকি কৰিছিল দুই অভিযন্তাই।

ধুবুৰী জিলা পৰিষদৰ কাৰ্যনিৰ্বাহক বিষয়া অনিমেশ তালুকদাৰে ৮ জুলাইত অভিযন্তা ছাদ্দাম হুছেইন আৰু আব্দুল্লাহ আল মাছুদ মোল্লাৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই দুই অভিযন্তাৰ লগতে এজাহাৰ দাখিল কৰা হৈছিল গৌৰীপুৰৰ মধুশৌলমাৰীৰ ‘জাহিদুল এণ্টাৰপ্ৰাইজ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী  জাহিদুল হকৰ বিৰুদ্ধেও।

এজাহাৰ দাখিলৰ পিছতে অভিযন্তা দুজন পলাই গৈ পলাই বহিঃৰাজ্যত আশ্ৰয় লৈ আছিল। বিগত প্ৰায় ডেৰ মাহ ধৰি ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ৰোজীৰাণী শৰ্মাৰ নেতৃত্বত তদন্তৰ বাবে জিলা আৰক্ষী অধিক্ষকে গঠন কৰি দিয়া এটি বিশেষ দলে জোৰদাৰ অনুসন্ধান চলাই আছিল। আৰক্ষীয়ে বিভিন্ন পন্থা অৱলম্বন কৰি অৱশেষত পশ্চিম বংগৰ এটা বিশেষ অঞ্চলৰ পৰা পলাই অভিযন্তা দুজনক আজি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলি অতিৰিক্ত আৰক্ষী অধিক্ষক ৰোজী ৰাণী শৰ্মাই জানিবলৈ দিয়ে।

উল্লেখ্য যে ধুবুৰীৰ গৌৰীপুৰ উন্নয়ন খণ্ডত গ্ৰামোন্নয়ন বিভাগৰ MGNREGA আঁচনিৰ অধীনl ৫২ লাখ ৭২ হাজাৰ টকীয়া আঁচনিৰ বৃহৎ কেলেংকাৰী ধৰা পেলাইছল ধুবুৰী জিলা পৰিষদৰ কাৰ্যনিৰ্বাহক বিষয়া তালুকদাৰে। ধুবুৰী জিলা উপায়ুক্ত অম্বুনাথন এম পিৰ নিৰ্দেশ মৰ্মে চলোৱা হৈছিল এই তদন্ত।

তিনিওজনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত  120B/ 406 / 420/468/471 ধাৰাত 1097/21 নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছিল।
Published by:Manjumoni Borah
First published: