• Home
  • »
  • News
  • »
  • crime
  • »
  • ''পেট্ৰ'লৰ দৰে মূল্যবৃদ্ধি হৈছে ড্ৰাগছৰো!'' খেতিপথাৰৰ মাজত ড্ৰাগছসহ ধৃত দুই যুৱকৰ খং...

''পেট্ৰ'লৰ দৰে মূল্যবৃদ্ধি হৈছে ড্ৰাগছৰো!'' খেতিপথাৰৰ মাজত ড্ৰাগছসহ ধৃত দুই যুৱকৰ খং...

ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজৰ হাতত কৰায়ত্ত হয় দুই শিক্ষিত যুৱক।

ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজৰ হাতত কৰায়ত্ত হয় দুই শিক্ষিত যুৱক।

ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজৰ হাতত কৰায়ত্ত হয় দুই শিক্ষিত যুৱক।

  • Share this:

    নিত্য–প্ৰয়োজনীয় সামগ্ৰী বা পেট্ৰ'লৰ নিচিনাকৈ অত্যধিক হাৰত মূল্য বৃদ্ধি হৈছে ড্ৰাগছৰো! এমাহৰ ভিতৰত নিষিদ্ধ ড্ৰাগছৰ মূল্য বৃদ্ধি হৈছে ৬০ শতাংশলৈ! এই কথা পোহৰলৈ আহিল আজি!


    মূল্যবৃদ্ধিৰ পিছতো কিন্তু ড্ৰাগছ ক্ৰয় কৰাৰ বাবে কোনো পিছপৰি থকা নাই। ৰঙিয়াৰ তৰণিৰ খেতিপথাৰৰ মাজত দুই ড্ৰাগছ আসক্ত যুৱকক আটক কৰা হয়। ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজৰ হাতত কৰায়ত্ত হয় দুই শিক্ষিত যুৱক। বাক্সা জিলাৰ নাগ্ৰীজুলীৰ তম্বিদ দাস আৰু বিকী আলীক ৰাইজে হাতে–লোটে কৰায়ত্ত কৰে।


    একাংশই ড্ৰাগছ আসক্ত যুৱকক লপা–থপা দি খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ত কৰি তদন্তত নামে।


    সাংবাদিকো তাত উপস্থিত হোৱাত ড্ৰাগছ আসক্ত যুৱকৰ কেমেৰাৰৰ সন্মুখতে স্বীকাৰোক্তি– ''ৰঙিয়া ৰে'ল ষ্টেচনৰ সমীপৰ কানিয়া নামৰ লোক এজনৰ ঘৰত পোৱা যায় নিষিদ্ধ ড্ৰাগছ। কিন্তু পেট্ৰ'লৰ  নিচিনাকৈ অত্যধিক মূল্য বৃদ্ধি হৈছে এই ড্ৰাগছৰ। চাৰিশ টকা মূল্যৰ ড্ৰাগছ কিনিব লগা হৈছে এহেজাৰ টকাত।''


    কিন্তু কমা নাই ক্ৰয় কৰোঁতাৰ সংখ্যা। উল্লেখ্য, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছত আৰক্ষী তৎপৰ হৈছিল ইয়াৰ বিৰুদ্ধে। প্ৰথমাৱস্থাত ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ সেৱনকাৰীসকলক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছিল। কিন্তু ৰঙিয়াৰ বিশেষকৈ ৰঙিয়া ষ্টেচনৰ সমীপৰ ঠাইবোৰ বিশেষকৈ  উদিয়ানা, বালাগাঁও আৰু জয়ন্তীপুৰত সহজতে উপলব্ধ নিষিদ্ধ ড্ৰাগছ। তাৰ পিছতো চকুমুদা কুলিৰ ভাওত ৰঙিয়া আৰক্ষী–প্ৰশাসন।

    Published by:Gautam Barman
    First published: