ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষী কঠোৰ হোৱাৰ পিছতে আৰক্ষীক বিপাঙত পেলাবলৈ ড্ৰাগছ মাফিয়াই বৰ্তমান মহিলাক ব্যৱহাৰ কৰা দেখা গৈছে।কোলাত কেঁচুৱা লৈ মহিলাই চলাইছে ড্ৰাগছৰ বেহা। নগাঁৱৰ মধুপুৰত আজি পুনৰ দুগৰাকী মহিলাক এটি কণমানি কেঁচুৱাসহ নগাঁও আৰক্ষীৰ (Nagaon Police) এণ্টি নাৰ্ক'টিক স্কোৱাডৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে, চহৰখনৰ মধুপুৰত ই-ৰিক্সাত ড্ৰাগছ সৰবৰাহৰ (Drugs Supply) খবৰ লাভ কৰি নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক'টিক স্কোৱাডৰ এটি দলে অভিযান চলায়। আৰক্ষীৰ দলটোৱে ই-ৰিক্সাখনত থকা মহিলা দুগৰাকীৰ পৰা লক্ষাধিক টকাৰ হেৰ'ইন জব্দ (Drugs seized) কৰাৰ লগতে নগদ ৩০ হাজাৰ টকাও জব্দ কৰে। আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰা (Arrest) মহিলা দুগৰাকীৰ নাম ৰেজবিনা খাতুন আৰু ৰেহানা খাতুন।
ইয়াৰে ৰেজবিনা খাতুনৰ ঘৰ মৰিগাঁও জিলাৰ নেলীত হোৱাৰ বিপৰীতে ৰেহানা খাতুনৰ ঘৰ নগাঁৱৰ চলচলিত। ইতিমধ্যে নগাঁও আৰক্ষীয়ে মহিলা দুগৰাকীক জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কোলাত কণমানি কেঁচুৱা লৈ এইদৰে মহিলাই ড্ৰাগছৰ বেহা চলোৱা ঘটনা যে ড্ৰাগছ ব্যৱসায়ীৰ আৰক্ষীক বিপাঙত পেলোৱাৰ বাবেই কৌশল সেয়া স্পষ্ট হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|