মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »Assam News: গোসাইগাঁৱৰ গ্ৰাহামপুৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

Assam News: গোসাইগাঁৱৰ গ্ৰাহামপুৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

আৰক্ষীয়ে দুয়োৰে পৰা দুটা ড্ৰাগছভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে দুয়োৰে পৰা দুটা ড্ৰাগছভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে দুয়োৰে পৰা দুটা ড্ৰাগছভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে।

  • Share this:
গোসাইগাঁৱৰ গ্ৰাহামপুৰত আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। জানিব পৰা মতে, গ্ৰাহামপুৰ আৰক্ষীয়ে ডিংডিঙাৰ মছপুৰৰ পৰা ৱাইদুৰ ইছলাম আৰু নিগানেন্দ্ৰ ৰায় নাম দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ৱাইদুৰ ইছলামৰ ঘৰ তামাৰহাট থানাৰ অন্তৰ্গত মধ্যপেটলা গাঁৱত। আনহাতে, নিগানেন্দ্ৰ ৰায় তামাৰহাট থানাৰ অন্তৰ্গত নাটাবাৰী গাঁৱৰ নিবাসী।

উল্লেখ্য যে, আৰক্ষীয়ে দুয়োৰে পৰা দুটা ড্ৰাগছভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰে। লগতে আৰক্ষীয়ে এখন পালচাৰ 220 মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত মটৰ চাইখেল খনৰ নম্বৰ AS17K 9659।

শেহতীয়া বাতৰি