• Home
  • »
  • News
  • »
  • crime
  • »
  • মালংকুঞ্চি গাঁৱত ১০ লাখ টকা দাবী, তিনিটা বন্দুক আৰু দুজন লোক, তাৰ পিছত কি হ'ল...

মালংকুঞ্চি গাঁৱত ১০ লাখ টকা দাবী, তিনিটা বন্দুক আৰু দুজন লোক, তাৰ পিছত কি হ'ল...

মালংকুঞ্চি গাঁৱৰ এজন লোকৰ পৰা দাবী কৰিছিল ১০ লাখ টকা। দাবী কৰা ধন আদায় নিদিয়াত ডকাইতৰ দলটোৱে লোকজনৰ ঘৰত প্ৰবেশ কৰি নগদ ৬০ হাজাৰ টকাসহ অন্যান্য সামগ্ৰী লুটি নিছিল।

  • Share this:
বৈঠালাংছ'ত আৰক্ষীৰ জালত পৰিছে মাৰণাস্ত্ৰসহ দুটা ডকাইত । বন্দুকসহ আৰক্ষীৰ জালত পৰা ডকাইত দুটা হৈছে সঞ্জীৱ টেৰাং আৰু নিপেন আমচি । ধৃত ডকাইত দুটাৰ জিম্মাৰ পৰা বৈঠালাংছ আৰক্ষীয়ে উদ্ধাৰ কৰিছে হস্তনির্মিত তিনিটা একনলীয়া বন্দুক।

উল্লেখযোগ্য যে ধৃত ডকাইত দুটাই আন কেইজনমান সহযোগীৰ সহায়ত মালংকুঞ্চি গাঁৱৰ এজন লোকৰ পৰা অলপতে দাবী কৰিছিল ১০ লাখ টকা। দাবী কৰা ধন আদায় নিদিয়াত  ডকাইতৰ দলটোৱে যোৱা ২৫ আগষ্টত লোকজনৰ ঘৰত প্ৰবেশ কৰি নগদ ৬০ হাজাৰ টকা সহ অন্যান্য সামগ্ৰী লুটি নিয়াৰ তথ্য আহিছিল পোহৰলৈ।তেতিয়াৰ পৰাই বৈঠলাংছ আৰক্ষীয়ে ডকাইত কেইটাৰ সন্ধান অব্যাহত ৰাখিছিল।

আৰক্ষীৰ ধাৰাবাহিক অনুসন্ধানৰ মাজতে আজি তিনিটা বন্দুকসহ দুটা ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাৰ লগত জড়িত আন কেইবাটাও ডকাইত  ইতিমধ্যে পলাতক হৈ আছে।
Published by:Manjumoni Borah
First published: