• Home
  • »
  • News
  • »
  • crime
  • »
  • আইচক্ৰীম দিম বুলি ফুচুলাই নি অপহৰণ কৰিলে ৬ বছৰীয়া শিশুক, ডেৰ লাখ টকাত বিক্ৰী কৰিবলৈ লওতেই নাহৰলগুনত কৰায়ত্ত অপহৰণকাৰী ...

আইচক্ৰীম দিম বুলি ফুচুলাই নি অপহৰণ কৰিলে ৬ বছৰীয়া শিশুক, ডেৰ লাখ টকাত বিক্ৰী কৰিবলৈ লওতেই নাহৰলগুনত কৰায়ত্ত অপহৰণকাৰী ...

অৰুণাচলৰ নাহৰলগুণৰ পৰা বিশ্বনাথ  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই শিশু অপহৰণকাৰীক ৷ আবু টাহেৰ আৰু ললিত কেওট  নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

  • Share this:
অৰুণাচলৰ নাহৰলগুণৰ পৰা বিশ্বনাথ  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই শিশু অপহৰণকাৰীক ৷ আবু টাহেৰ আৰু ললিত কেওট  নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ধৃত আবু টাহেৰৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ  ৪ নং কুমলীয়াত ৷

বিশ্বনাথ চাৰিআলিৰ ফলফলিৰ চাহিবুৰ ৰহমান নামৰ ব্যক্তিজনৰ  ঘৰত ভাৰা থাকি শাক-পাচলিৰ বেপাৰ কৰিছিল আবুৱে ৷ আইচক্ৰীম দিম বুলি ফুচুলাই নি অৰুণাচলত বিক্ৰী কৰাৰ চেষ্টা কৰিছিল ৬ বছৰীয়া এটি শিশুক ৷ বেদেতিৰ বৰালিমৰাৰ অৰুপ বৰুৱা নামৰ ব্যক্তিজনৰ জীয়ৰীক কৰিছিল অপহৰণ ৷ বিশ্বনাথ চাৰিআলিৰ  ফলফলিৰ এঘৰত ভাৰাতীয়া হিচাপে আছিল অৰুপ বৰুৱা আৰু তেওঁৰ পৰিয়াল ৷ অৰুপ বৰুৱাৰ ঘৰৰ সমীপতে আন এঘৰ লোকৰ ঘৰত ভাৰাত আছিল অপহৰনকাৰী আবু টাহেৰ ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অপহৰণ কৰিছিল শিশুটিক ৷ ৰেল যোগে শিশুটিক লৈ যোৱা হৈছিল  নাহৰলগুনলৈ ৷ অৰুণাচলীক  ডেৰ লাখ টকাত  বিক্ৰী কৰিবলৈ যো-জা চলাইছিল অপহৰণকাৰীয়ে ৷ অৱশেষত আৰক্ষীয়ে অভিযান চলায় অৰুণাচলৰ  নাহৰলগুনৰ পৰা শিশুটিক উদ্ধাৰ কৰি অনাৰ লগতে কৰায়ত্ত কৰে অপহৰকাৰী দুটাক ৷ আনহাতে ললিত কেওট নামৰ লোকজনে শিশুটি অপহৰণ কৰাত সহযোগ কৰিছিল আবু টাহেৰক ৷ ধৃত ললিতৰ ঘৰ  বৰপুথুৰী চাহ বাগিছাৰ বড়ো লাইনত ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি