গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ মাজেৰে বহিঃৰাজ্যলৈ দৈনিক অবৈধ ভাৱে চলি আছে গৰুৰ চোৰাং সৰবৰাহ। গৰুৰ ছিণ্ডিকেট চক্ৰই বিভিন্ন পক্ষক মেনেজ কৰি মহকুমাটোৰ মাজেৰে চুঙাজান হৈ অবৈধ ভাৱে বহিঃৰাজ্যলৈ পশুধনৰ সৰবৰাহ কৰি আহিছে।
নাওজানৰ একাংশ যুৱকে ১১টা ম'হ আৰু ১১টা গৰুসহ এখন ট্ৰাক আৰু এখন ডি আই গাড়ী জব্দ কৰে। গাড়ী দুখনৰ নম্বৰ ক্ৰমে এছ-২১ -চি- ৪৫৬১ আৰু এছ ০২৮ -চি -২২৭৪। ম'হ কেইজনী ট্ৰাক খনত অনাৰ বিপৰীতে গৰু কেইটা অনা হৈছিল ডি আই খনত। এই খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত নাওজান আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ পশুধনসহ গাড়ীদুখন চমজি লয় । লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক দেৰগাঁও দীঘলচাপৰিৰ আৰ্জু খান আৰু নাওজান কৈৰিগাঁওৰ মুস্তাফা আলিক আটক কৰে।
আৰক্ষীৰ ওচৰত ধৃত চালক দুজনৰ পৰা দেৰগাঁও নগৰ গৰু-ম'হৰ বজাৰৰ আৰু নাওজান সপ্তাহিক বজাৰৰ গৰু-ম'হৰ পঞ্জীয়ন ৰচিদ উদ্ধাৰ কৰা হয়। মনকৰিবলগীয়া যে কোভিড ১৯ৰ পৰিপ্ৰেক্ষিতত যোৱা কেইবা সপ্তাহ ধৰি প্ৰশাসনে সাপ্তাহিক বজাৰ সমূহ বন্ধ কৰি ৰাখিছে। তেনেস্থলত গো ব্যৱসায়ী সকলক সাপ্তাহিক বজাৰৰ ৰচিদ কোনে ক'ত কেনেকৈ প্ৰদান কৰিলে সেয়া গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। অন্যহাতে নথি-পত্ৰ নোহোৱাকৈ আৰু অবৈধভাৱে কিদৰে কেইবাখনো আৰক্ষী থানা তথা তহলদাৰী আৰক্ষীৰ চকুত ধূলি দি নগালেণ্ডলৈ গৰু ম'হ সৰবৰাহ কৰা হৈছে সেয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|