সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
দুটা নৃশংস হত্যাকাণ্ডই জোকাৰি গ'ল ডিব্ৰুগড়। জিলাখনৰ ৰহমৰীয়া থানাৰ অন্তৰ্গত ধলাজান চাহ বাগিচাত শনিবাৰে সন্ধিয়া এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমটো হত্যাকাণ্ড শোনিত তাঁতী নামৰ এজন ৩৫ বছৰীয়া লোকে সংঘটিত কৰে। নৃশংসতাৰ পৰিচয় দি তাঁতীয়ে এটি ৪ বছৰীয়া এটি শিশুক হত্যা কৰে। শনিবাৰে ঘৰৰ চোতালতে খেলি থকা অৱস্থাত ৪ বছৰীয়া শিশুটিক ডিঙি কাটি হত্যা কৰে শোনিত তাঁতীয়ে (Brutal Murder in Dibrugarh)।
এই ঘটনাই সৃষ্টি কৰা চাঞ্চল্যৰ মাজতে ৰাইজে শোনিত তাঁতীক ধৰি গণপ্ৰহাৰ কৰে। ক্ষুব্ধ ৰাইজৰ প্ৰহাৰত মৃত্যু হয় শোনিত তাঁতীৰ৷ ইয়াৰ পিছত অঞ্চলটোৰ ৰাইজে পথাৰৰ মাজতে খেৰেৰে জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীক।
ঘটনাৰ বিষয়ে জানিব পাৰি ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ (Dibrugarh Police) লগতে ৰহমৰীয়া আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|