உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Dhekiajuli: দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ঢেকীয়াজুলি, হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ

    Dhekiajuli: দুটাকৈ নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল ঢেকীয়াজুলি, হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মৃতদেহ

    বিয়ালৈ গৈ স্বগৃহ আহি পোৱাৰ পিছতেই দুৰ্বৃত্তই কৰিলে হত্যা

    বিয়ালৈ গৈ স্বগৃহ আহি পোৱাৰ পিছতেই দুৰ্বৃত্তই কৰিলে হত্যা

    বিয়ালৈ গৈ স্বগৃহ আহি পোৱাৰ পিছতেই দুৰ্বৃত্তই কৰিলে হত্যা

    • Share this:
    শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি অঞ্চলত আজি দুটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ অঞ্চলটোক৷ প্ৰথমটো  হত্যাকাণ্ডৰ স্থান ঢেকীয়াজুলিৰ কেহেৰুখুন্দাত ৷ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত কেহেৰুখন্দাত আজি পুৱাৰ ভাগত এটা হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি  হুৱাদুৱা লাগে ৰাইজৰ মাজত৷

    ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ফটিক চন্দ্ৰ কুৰ্মীক নিজ গৃহতে দুৰ্বৃত্তই হত্যা কৰা খবৰ অঞ্চলটোত বিয়পি পৰাৰ পিছতেই   বহু লোকে ভিৰ কৰে ঘটনাস্থলীত ৷ হাত-ভৰি বান্ধি  ফটিক চন্দ্ৰ কুৰ্মীক(৪৫) যোৱানিশা দুৰ্বৃত্তই হত্যা কৰে তেওঁৰ নিজ গৃহতে৷

    ঘটনাস্থলীত ইতিমধ্যে ঢেকীয়াজুলি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক অনুসন্ধান৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,  ফটিক চন্দ্ৰ কুৰ্মীয়ে নিকটৱৰ্তী গাঁৱত নিজা সম্পৰ্কীয় ঘৰত দিনৰ ভাগতে বিয়ালৈ বুলি গৈছিল তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে৷ নিশা ১০মান বজাত ফটিক কুৰ্মীয়ে অকলে বিয়া ঘৰৰ পৰা স্বগৃহলৈ আহে (Two brutal killings in Dhekiajuli)৷

    পত্নী আৰু পুত্ৰ বিয়া ঘৰতে থাকে নিশাটো ৷পুৱাৰ ভাগত তেওঁক ফোন কৰাৰ পিছত বহু সময় ধৰি ম'বাইল বন্ধ হৈ থকাত সন্দেহ কৰি পৰিয়ালৰ লোক তেওঁক বিচাৰি ঘৰলৈ অহাৰ পিছতেই এই ঘটনা পোহৰলৈ আহে৷ পৰিয়ালৰ লোক ঘৰত আহি দেখে যে শোৱনি কোঠাত ফটিক চন্দ্ৰ কুৰ্মীৰ মৃতদেহ হাত-ভৰি বন্ধা অৱস্থাত প্ৰত্যক্ষ কৰে৷

    পিছত ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী৷ লোক জনক হাত-ভৰি বন্ধা অৱস্থাত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে৷ মৃতদেহটোৰ মূৰত কেইবাঠাইতো আঘাতৰ চিন দেখা গৈছে৷ আৰক্ষীয়ে স্থানীয় দণ্ডাধীশৰ উপস্থিতত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷

    হত্যাকাণ্ডটোৰ এই মূহূৰ্তলৈকে কোনোধৰণৰ  ক্লু লাভ কৰা নাই আৰক্ষীয়ে৷ ইপিনে ঘটনাস্থলীৰ কিছু দূৰত ফটিক চন্দ্ৰ কুৰ্মীৰ নথি পত্ৰ মজুত থকা চুটকেছ উদ্ধাৰ হৈছে৷ আৰক্ষীৰ অনুসন্ধানতহে হত্যকাণ্ডটোৰ সবিশেষ পোহৰলৈ আহিব যদিও দুৰ্বৃত্তক শীঘ্ৰেই চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে আটছাই৷ কোনে হত্যা কৰিলে ফটিক কুৰ্মীক, তাক লৈ সৃষ্টি হৈ ৰহস্যৰ৷

    স্বামীয়ে হত্যা কৰে পত্নীক

    ইফালে মিছামাৰীৰ বেলিশিৰি আৰক্ষী চকীৰ অন্তৰ্গত খুঁটাপোটা গাঁৱত স্বামীয়ে হত্যা কৰে পত্নীক৷ খুঁটাপোটা গাঁও নিৱাসী লক্ষণ কালন্দিৰ পুত্ৰ বুলু কালন্দিয়ে (৪০) পত্নী তথা তিনিটা সন্তানৰ মাতৃ ৰীণা কালন্দিৰ সৈতে প্ৰথমতে তৰ্কবিৰ্তকত লিপ্ত হয়। তেনে সময়তে খঙত অগ্নিশৰ্মা হৈ স্বামী বুলুয়ে পত্নীক এডাল খৰিৰে মূৰত প্ৰচণ্ড জোৰে প্ৰহাৰ কৰাত লগে লগে মাটিত ঢলি পৰে।

    দৰিদ্ৰ পৰিয়াটোৰ স্বামী-পত্নীৰ মাজত প্ৰায়েই কাজিয়াৰ সূত্ৰপাত ঘটি আহিছিল। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে বেলিশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুৰবান আলি শ্বেখ ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীক আটক কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মিছামাৰী আৰক্ষী থানালৈ লৈ আহে। ইফালে আৰক্ষীয়ে মিছামাৰী আৰক্ষী থানাত ৩১/২২ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি হত্যাকাৰীজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।এই দুটা হত্যাকাণ্ডই ঢেকীয়াজুলি আৰু মিছামাৰী অঞ্চলক আজি জোকাৰি যায়৷
    Published by:Gautam Barman
    First published: