• Home
  • »
  • News
  • »
  • crime
  • »
  • Bongaigaon : দুৰ্গোৎসৱৰ মাজতে বাইক চুৰিৰ চেষ্টা চলাই আটক দুই বাইক চোৰ

Bongaigaon : দুৰ্গোৎসৱৰ মাজতে বাইক চুৰিৰ চেষ্টা চলাই আটক দুই বাইক চোৰ

পাঁচখন চুৰি বাইকসহ আটক দুই বাইক চোৰ

পাঁচখন চুৰি বাইকসহ আটক দুই বাইক চোৰ

পাঁচখন চুৰি বাইকসহ আটক দুই বাইক চোৰ

  • Share this:
বঙাইগাঁৱৰ নিকটৱৰ্তী জেল্কাঝাৰত বাইক চুৰিৰ চেষ্টা চলাই থকা সময়তে আৰক্ষীৰ জালত পৰে দুই বাইক চোৰ ৷ ধৃত বাইক চোৰ দুজন নাইদুল আহমেদ আৰু ডিম্পু আলী ৷ দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে পাঁচখনকৈ চুৰি বাইক উদ্ধাৰ কৰে ৷

দুয়োৰে পৰা আৰক্ষীয়ে বাইক চুৰিত ব্যৱহৃত সা–সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে নিউ বঙাইগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ভাওলাগুৰিৰ ঘৰত চুৰি কাণ্ডত জড়িত মহিলা চোৰ এজনক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷

ধৃত মহিলাগৰাকী জেস্মিনা খাতুন ৷  চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছ মুহুৰ্ততে আৰক্ষীয়ে চুৰণিক কৰায়ত্ত কৰে ৷ দুৰ্গোৎসৱৰ মাজতে বঙাইগাঁৱত দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি