হোজাইত ওলায়েই আছে ড্ৰাগছ। জিলাখনৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছবিৰোধী অভিযানত নিতৌ লাভ কৰিছে সফলতা। সেইমতে আজি সন্ধিয়া আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত উত্তৰ বিদ্যানগৰ অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে চলাই এক অভিযান।
অভিযানত দীপ দাসৰ ঘৰৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে ড্ৰাগছভৰ্তি ৭০টা কন্টেইনাৰ আৰু প্ৰায় ১০টা খালী কন্টেইনাৰ। গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ বেপাৰী দীপ দাস আৰু তেওঁৰ ঘৰত মিস্ত্ৰী হিচাপে কাম কৰিব যোৱা লক্ষণ সৰকাৰকো।
লগতে জব্দ হৈছে AS-12A-0005 নম্বৰৰ এখন স্কৰপিঅ' গাড়ী। সম্প্ৰতি হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃতদ্বয়ক আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা। ইফালে ধৃত দীপ দাসৰ ভাষ্য মতে জব্দকৃত ড্ৰাগছখিনি মোৰাঝাৰ অঞ্চলৰ লোকে তেওঁক দি গৈছিল বিক্ৰীৰ বাবে। মুঠৰ ওপৰত জিলাখনত ব্যাপক হাৰত ড্ৰাগছৰ প্ৰচলন হ'ব ধৰা ঘটনাক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল। ইয়াৰ মাজতে আৰক্ষীয়ে নিতৌ অভিযান চলাই ড্ৰাগছৰ প্ৰচলন ৰোধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপক একাংশই কৰিছে প্ৰশংসা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|