உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • crime
    • »
    • Hailakandi: আৰক্ষীৰ পৰিচয় দি সংঘটিত কৰিলে অপৰাধ! হাইলাকান্দিৰ বেটাৰীভৰ্তি ট্ৰাক চুৰি ক‍াণ্ডৰ চাঞ্চল্যকৰ মোৰ

    Hailakandi: আৰক্ষীৰ পৰিচয় দি সংঘটিত কৰিলে অপৰাধ! হাইলাকান্দিৰ বেটাৰীভৰ্তি ট্ৰাক চুৰি ক‍াণ্ডৰ চাঞ্চল্যকৰ মোৰ

    আৰক্ষী পৰিচয় দি হাইলাকান্দিত ডকাইতি আৰু অপহৰণ ! হাইলাকান্দিৰ বেটাৰি গাড়ী চুৰি ক‍াণ্ডত চাঞ্চল্যকৰ মোৰ ।

    আৰক্ষী পৰিচয় দি হাইলাকান্দিত ডকাইতি আৰু অপহৰণ ! হাইলাকান্দিৰ বেটাৰি গাড়ী চুৰি ক‍াণ্ডত চাঞ্চল্যকৰ মোৰ ।

    আৰক্ষী পৰিচয় দি হাইলাকান্দিত ডকাইতি আৰু অপহৰণ ! হাইলাকান্দিৰ বেটাৰি গাড়ী চুৰি ক‍াণ্ডত চাঞ্চল্যকৰ মোৰ ।

    • Share this:
    হাইলাকান্দিৰ বেটাৰীভৰ্তি ট্ৰ‍াক উদ্ধাৰ কাণ্ডত আৰক্ষীৰ বিৰাট সফলতা, হাইলাকান্দি জিলাৰ কালাছেৰা এলেকাৰ এখন জংঘলৰ পৰা হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ গাড়ীৰ চালক আৰু হেণ্ডিমেন । যোৱা বৃহস্পতিবাৰ নিশা হাইলাকান্দি জিলাৰ (Hailakandi District) আলগাপুৰ সমষ্টিত ৬ নম্বৰ (পুৰনি ১৫৪ নম্বৰ ) ৰাষ্ট্ৰীয় ঘাইপথৰ গুলালিয়া এলেকাত পথৰ দাঁতিত সন্দেহযুক্ত অৱস্থাত  ট্ৰ‍াক এখন ৰৈ থক‍‍া প্ৰত্যক্ষ কৰে আলগাপুৰ আৰক্ষীয়ে।

    WB 51A 3174 নম্বৰৰ এই গাড়ীখনত মজুত আছিলে ডাঙৰ বাহন আৰু ইনভাৰ্টাৰত ব্যৱহাৰ কৰাৰ বেটাৰী। গাড়ীখন পিছফালে উন্মুক্ত থকাৰ বাবে আৰক্ষীৰ সন্দেহ হোৱাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰু ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে প্ৰথমতে আটক কৰে তিনি গৰাকী সন্দেহজনক ব্যক্তিক গাড়ীৰ কাষতে ঘূৰি ফুৰা অৱস্থাত।

    পিছত সোধা-পোছা কৰাত ওলাই আহে ভয়ংকৰ তথ্য। এওঁলোকে দিয়া তথ্য অনুসৰি, আৰক্ষীয়ে স্থানীয় কালাছেৰা এলেকাৰ এখন জংঘলত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে গাড়ীৰ চালক আলিব উদ্দিন মোল্লা আৰু হেণ্ডিমেন ইমতাজুল  শ্বেখক।

    লগতে গ্ৰেপ্তাৰ কৰে আন দুই অভিযুক্তক। কলকাতাৰ পৰা বেটাৰী লৈ শিলচৰলৈ অহা ট্ৰাকখন এটা অপৰাধী চক্ৰই শিলচৰ বাইপ‍াছৰ পৰা অপহৰণ কৰে। আৰক্ষীয়ে এতিয়ালৈকে মুঠ ৫গৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। এই ৫গৰাকী হ'ল ৰেকিব উদ্দিন মজুমদাৰ, ছাকিলুৰ ৰহমান মাঝাৰ ভূঞা, আনোৱাৰ হুচেইন লস্কৰ, আল কেব্ৰিয়া আৰু নজমুল হক লস্কৰ ।

    উল্লেখ্য, আৰক্ষীৰ পৰিচয় দি ট্ৰাকচালক আৰু হেণ্ডিমেনক অপহৰণ কৰি ডকাইতি কাণ্ড সংঘটিত কৰা এই ঘটনাৰ লগতে বৃহৎ এট‍া চক্ৰ জড়িত আছে বুলি জনাইছে আলগাপুৰ থ‍ানাৰ ভাৰপ্ৰাপ্ত বিষয়‍া মৃণাল ক‍ান্তি দাসে । ইপিনে, আৰক্ষীয়ে এতিয়ালৈকে এই ডকাইতি আৰু অপহৰণ কাণ্ডত ব্যৱহৃত এখন আই-টেন আৰু এখন বলেৰো গাড়ী জব্দ কৰিছে । লগতে ৮টা মোবাইল ফোন, এখন চাকু আৰু কিছু পৰিমাণৰ নগত অৰ্থও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।
    Published by:Gautam Barman
    First published: