অভিযোগ মতে চৰকাৰে দুখীয়া লোকৰ বাবে বিনামূলীয়াকৈ দি অহা অন্ন সুৰক্ষা যোজনাৰ চাউল একাংশ সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক ৰাম ঠগন দি অবৈধ ব্যৱসায়ত লিপ্ত হৈ আহিছে।
অভিযোগ মতে চৰকাৰে দুখীয়া লোকৰ বাবে বিনামূলীয়াকৈ দি অহা অন্ন সুৰক্ষা যোজনাৰ চাউল একাংশ সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক ৰাম ঠগন দি অবৈধ ব্যৱসায়ত লিপ্ত হৈ আহিছে।
চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি অৱলম্বন কৰি থকাৰ সময়তে দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহৰ পৰা প্ৰশাসনক ধূলি দি সৰবৰাহ হৈ আহিছে অবৈধ চাউল (Rice) । ক'ৰ পৰা ক'লৈ যায় এইসমূহ চাউল। গঢ়ি উঠিছে বৃহৎ ক'লা বজাৰ। মহানগৰীৰ আজাৰা আৰক্ষীৰ অভিযানত ২৫ টন চোৰাং চাউলভৰ্তি এখন ট্ৰাক জব্দ (Truck Seized) হোৱাৰ পিছতে এনে বহু প্ৰশ্নই এতিয়া উত্থাপিত হৈছে।
তথ্য মতে দক্ষিণ কামৰূপ (South Kamrup)ৰ গৰৈমাৰী, কালাতলী, সোণতলী আদি অঞ্চলৰ পৰা সৰবৰাহ হয় চোৰাং চাউল। সোণতলীৰ পৰা আগৰতলালৈ কঢ়িয়াই লৈ গৈ থকা অৱস্থাত ২৫ টন চাউলসহ AS-01-HC-3634 নম্বৰৰ এখন চাউল ভৰ্তি ট্ৰাক আজাৰা আৰক্ষীয়ে জব্দ কৰে । চাউল ভৰ্তি ট্ৰাকখন জব্দ কৰিছে যদিও চাউলৰ গৰাকীক বৰ্তমানলৈ আটক কৰিব পৰা নাই আৰক্ষীয়ে। আজাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ।
আন এক সূত্ৰৰ পৰা জানিব পৰা মতে চৰকাৰে দুখীয়া লোকৰ বাবে বিনামূলীয়াকৈ দি অহা অন্ন সুৰক্ষা যোজনা (Anna Surksha Yojana)ৰ চাউল একাংশ সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক ৰাম ঠগন দি অবৈধ ব্যৱসায়ত লিপ্ত হৈ আহিছে। বিশেষকৈ দক্ষিণ কামৰূপৰ চৰ অঞ্চলসমূহত এই ব্যৱসায় একাংশ অসাধু ব্যৱসায়ীয়ে ৰমৰমীয়াকৈ চলাই আছে । ট্ৰাক খনৰ চালকে চাউলৰ গৰাকী আইনুল নামৰ এজন ব্যক্তিৰ বুলি প্ৰকাশ কৰিছে যদিও বাতৰি যুগুত কৰা সময়ত এই আইনুল নামৰ ব্যক্তিগৰাকীক কোনো শুং সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। আজাৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কোন এইজন আইনুল ।
এই অবৈধ চাউলৰ বেহা বন্ধ হ'বনে দক্ষিণ কামৰূপত। ইয়াক লৈ গঢ়ি উঠা বৃহৎ গেঙৰ সন্ধান লাভ কৰিবনে আৰক্ষীয়ে। সেয়া সময়েহে কব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|