মৰিয়নিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। মৰিয়নিৰ নকছাৰী খাটিসোণাৰ এটা পৰিত্যক্ত ইটাভাতাৰ শ্ৰমিকৰ আৱাসত থকা এটা পৰিয়ালক কোনো দুৰ্বৃত্তই দাৰে ঘপিয়াই টুকুৰা টুকুৰকৈ কাটি হত্যা কৰে। দুৰ্বৃত্তৰ হত্যাৰ বলি হয় সোণটি বৰা, তেওঁৰ পত্নী তুলু বৰা আৰু জীয়ৰী মনালিছা বৰা (১৬) (Triple Murder in Mariani)।
নিশা প্ৰায় ১:৩০বজাত ইটাভাতাৰ এটা শ্ৰমিক আৱাসৰ পৰা মৰণকাতৰ আৰ্তনাদ অহা বুলি জানিবলৈ দিছে স্থানীয় লোকে।কিন্তু বৰষুণ দি থকাৰ বাবে সেই চিঞৰৰ উৎস বিচাৰি সমীপৰ কোনো লোক ওলাই অহা নাছিল। ইফালে আজি পুৱা ১০ বজাত এটি কিশোৰে প্ৰত্যক্ষ কৰাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।
যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (Jorhat SP) মৃন্ময় গোস্বামীৰ নেতৃত্বত স্নিফাৰ ডগ লৈ অভিযান অব্যাহত আছে।এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ আৰক্ষীৰ। মৃত সোণটি বৰাৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰিৱেশ দেখি সোণটি বৰাৰ পত্নীয়ে হত্যাকাণ্ডৰ মাজতে কোঠাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল যদিও চোতালতে হত্যাকাৰীয়ে দাৰে ঘপিয়াই চোতলাৰ পৰা চোঁচৰাই পুনৰ কোঠাৰ ভিতৰলৈ নি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
মৃতদেহ উদ্ধাৰ হোৱা বাসগৃহটোৰ ভিতৰৰ বস্তু-বাহানি লণ্ডভণ্ড হৈ থকা লগতে চোতালত দুখন দা, টৰ্ছ লাইট আৰু চোলা উদ্ধাৰ হৈছে। ইয়াৰে এখন দা মাছ কটা দা।
মন কৰিবলগীয়া যে হত্যাকাণ্ড সংঘটিত স্থানত উদ্ধাৰ হোৱা এটা নীলা ৰঙৰ বেগৰ পৰা আৰক্ষীয়ে হত্যাকাৰীৰ বিশেষ ক্লু লাভ কৰিছে।বেগত উদ্ধাৰ হোৱা এখন দা আৰু এটা কামিজ মৰিয়নিৰ নকচাৰীৰ অফলাৰ তৰুণ দাস নামৰ ব্যক্তিৰ বুলি তৰুণ দাসৰ পৰিয়ালৰ লোকে চিনাক্ত কৰিছে। তৰুণ দাস দেবেৰাপাৰা চাৰিআলিত মাছ বিক্ৰেতা আছিল।
জানিব পৰা মতে, মৃত সোণটি বৰাৰ কন্যা মনালিছাৰ সৈতে অবৈধ সম্পৰ্কৰ পৰিণতিত হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|