মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Timber Seized : চোৰাং কাঠ সৰবৰাহৰ নতুন কৌশল ৷ বাহনৰ ওপৰত আলুৰ বস্তা, তলত চোৰাং কাঠৰ কুণ্ডা। 

Timber Seized : চোৰাং কাঠ সৰবৰাহৰ নতুন কৌশল ৷ বাহনৰ ওপৰত আলুৰ বস্তা, তলত চোৰাং কাঠৰ কুণ্ডা। 

News18 Assam | News18-Assam
Updated:June 22, 2021, 9:26 PM IST
Timber Seized : চোৰাং কাঠ সৰবৰাহৰ নতুন কৌশল ৷ বাহনৰ ওপৰত আলুৰ বস্তা, তলত চোৰাং কাঠৰ কুণ্ডা। 
চিৰাঙত জব্দ শাল কাঠ ভৰ্তি বাহন। আলুৰ বস্তাৰে ঢাকি লুকুৱাই আনিছিল মূল্যৱান শাল কাঠৰ কুণ্ডা।

চিৰাঙত জব্দ শাল কাঠ ভৰ্তি বাহন। আলুৰ বস্তাৰে ঢাকি লুকুৱাই আনিছিল মূল্যৱান শাল কাঠৰ কুণ্ডা।

  • Share this:
এইবাৰ চোৰাং কাঠ সৰবৰাহৰ নতুন কৌশল ৷ চিৰাঙত আলুৰ বস্তাৰে ঢাকি চোৰাং কাঠ সৰবৰাহৰ চেষ্টা অবৈধ কাঠ সৰবৰাহকাৰীৰ ৷  চিৰাঙৰ চিদলী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা  As-19-AC-0569 নং চাৰি চকীয়া বাহনখনত তালাচী চলায় ৷ আৰক্ষীৰ তালাচীত বাহনখনত শালকাঠৰ কুণ্ডা আলুৰ বস্তাৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷

কোকৰাঝাৰ জিলাৰ উত্তৰাঞ্চলৰ পৰা চিৰাং অভিমুখে আহি থকা সময়তে আৰক্ষীয়ে বাহনখন আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে কাঠ ভৰ্তি বাহনখন জব্দ কৰি চালকক সোধা-পোছা অব্যাহত ৰাখিছে ৷
Published by: Manjumoni Borah
First published: June 22, 2021, 9:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি