মুখ্যপৃষ্ঠা »খবৰ »অপৰাধনামা »NAGAON : নকল সোণ ক্ৰয় কৰিবলৈ অহা বহিঃৰাজ্যৰ ৩ যুৱকক উত্তম-মধ্যম, গুৰুতৰভাৱে আহত

NAGAON : নকল সোণ ক্ৰয় কৰিবলৈ অহা বহিঃৰাজ্যৰ ৩ যুৱকক উত্তম-মধ্যম, গুৰুতৰভাৱে আহত

আহত যুৱককেইজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আহত যুৱককেইজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আহত যুৱককেইজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

  • Share this:

নগাঁৱৰ হেৰাপট্টিত উত্তপ্ত পৰিস্থিতি। নকল সোণ ক্ৰয় কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ তিনি যুৱকক আক্ৰমণ। আক্ৰমণত আহত হয় নিখিল সিং, অবিনাশ ৰবাৰ্ট আৰু শিৱেন মিশ্ৰা নামৰ তিনি যুৱক।


তিনিওৰে ঘৰ উত্তৰ প্ৰদেশৰ ছাটনাত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে তিনিওগৰাকী যুৱক। ঘটনাস্থলীত ইতিমধ্যে নগাঁও আৰক্ষী উপস্থিত হৈছে আৰু দুটা এয়াৰ গান উদ্ধাৰ কৰিছে।


ইপিনে, আহত যুৱককেইজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য, ৰাজ্যত আন অপৰাধমূলক কাৰ্যকলাপৰ সমান্তৰালভাৱে নকল সোণক লৈ প্ৰৱঞ্চনামূলক ঘটনাও ঘটি থকা দেখা গৈছে।

শেহতীয়া বাতৰি