নাগালেণ্ড সীমান্তৰ কোনো এক স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক তিনিজন।
নাগালেণ্ড সীমান্তৰ কোনো এক স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক তিনিজন।
ৰাজ্যত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানৰ অংশস্বৰূপে সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত বুজন পৰিমাণৰ ড্ৰাগছসহ তিনিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটকাধীন যুৱক তিনিজন হ'ল চৰাইদেউ জিলাৰ সৰুপথাৰৰ আদিত্য গগৈ, সাপেখাতি ৰহনৰ কৃষ্ণমণি বৰগোহাঁই আৰু সোণাৰি নগৰৰ চাজাদ হুছেইন।
চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই আটক কৰে তিনিওজন যুৱকক। জানিব পৰা মতে বুধবাৰে সন্ধিয়া চৰাইদেউ আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি চলোৱা এক অভিযানত নাগালেণ্ড সীমান্তৰ কোনো এক স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক কেইজন। AS-33-3440 নম্বৰৰ এখন আপাচে বাইকত অহা যুৱক কেইজনৰ পৰা যথেষ্ট পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰা লগতে বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে।
আনহাতে আৰক্ষীয়ে কৰোৱা স্বাস্থ্য পৰীক্ষাত আটক কৰা যুৱক তিনিজনৰ ভিতৰত আদিত্য গগৈ নামৰ যুৱকজন কভি'ড পজিটিভ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|