• Home
  • »
  • News
  • »
  • crime
  • »
  • HOJAI : বন্যপ্ৰাণী নিধন অব্যাহত! দুষ্প্ৰাপ্য বনৰৌৰ ৩.২ কেজি বাকলিসহ গ্ৰেপ্তাৰ তিনি বেপাৰী

HOJAI : বন্যপ্ৰাণী নিধন অব্যাহত! দুষ্প্ৰাপ্য বনৰৌৰ ৩.২ কেজি বাকলিসহ গ্ৰেপ্তাৰ তিনি বেপাৰী

জব্দকৃত বনৰৌ বাকলিখিনিৰ বজাৰ মূল্য লক্ষাধিক হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

জব্দকৃত বনৰৌ বাকলিখিনিৰ বজাৰ মূল্য লক্ষাধিক হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

জব্দকৃত বনৰৌ বাকলিখিনিৰ বজাৰ মূল্য লক্ষাধিক হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

  • Share this:
বনৰৌৰ বাকলিসহ  লংকাত গ্ৰেপ্তাৰ হৈছে তিনিটা বেপাৰী। হোজাইৰ DFO গুণদীপ দাসে লাভ কৰা তথ্যৰ ভিত্তিত লংকাৰ ইছলামবস্তি অঞ্চলত বন বিভাগৰ দলে চলায় অভিযান।

অভিযানত ৩.২ কেজি বনৰৌৰ (Pangolins) বাকলিসহ বন বিভাগৰ জালত পৰে তিনিটা বেপাৰী। বন বিভাগৰ জালত পৰা বেপাৰী তিনিটা ক্ৰমে যাবান উদ্দীন, জিয়াবুৰ ৰহমান আৰু বিলাল আহমেদ।

ইফালে জব্দকৃত বনৰৌ বাকলিখিনিৰ বজাৰ মূল্য লক্ষাধিক হ'ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। সম্প্ৰতি বন বিভাগৰ জিম্মাত থকা ধৃত বেপাৰী তিনিটাক বন বিভাগে জেৰা কৰি আছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি