• Home
  • »
  • News
  • »
  • crime
  • »
  • Kokrajhar Rape an Murder Case: কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ-হত্যাকাণ্ড, দোষী সাব্যস্ত তিনি নৰপিশাচক

Kokrajhar Rape an Murder Case: কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ-হত্যাকাণ্ড, দোষী সাব্যস্ত তিনি নৰপিশাচক

Kokrajhar Rape an Murder Case: কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ-হত্যাকাণ্ডৰ তিনি অভিযুক্তক কোকৰাঝাৰৰ বিশেষ আদালতৰ দোষী সাব্যস্ত, ৮ এপ্ৰিলত শাস্তিৰ ৰায়দান।

Kokrajhar Rape an Murder Case: কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ-হত্যাকাণ্ডৰ তিনি অভিযুক্তক কোকৰাঝাৰৰ বিশেষ আদালতৰ দোষী সাব্যস্ত, ৮ এপ্ৰিলত শাস্তিৰ ৰায়দান।

Kokrajhar Rape an Murder Case: কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ-হত্যাকাণ্ডৰ তিনি অভিযুক্তক কোকৰাঝাৰৰ বিশেষ আদালতৰ দোষী সাব্যস্ত, ৮ এপ্ৰিলত শাস্তিৰ ৰায়দান।

  • Share this:
সুদীৰ্ঘ ন মাহৰ অন্তত ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কোকৰাঝাৰৰ অভয়াখুঁটিৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ (Kokrajhar Rape an Murder Case) তিনি অভিযুক্তক আজি দোষী সাব্যস্ত কৰিলে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ বিশেষ আদালতে । জানিব পৰা মতে পৰহিলৈ অৰ্থাৎ ৮ এপ্ৰিলত ঘোষণা হ'ব শাস্তিৰ পৰিমাণ ।

উল্লেখনীয় যে কোকৰাঝাৰ জিলাৰ অভয়াখুঁটি গাঁৱত  বিগত ২০২১ চনৰ ১০  জুনত দুগৰাকী জনজাতীয়  কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ (Rape) কৰি নৃশংসভাৱে হত্যা (Murder) কৰাৰ পিছত আত্মহত্যাৰ ৰূপ দিয়া হৈছিল। যি ঘটনাই সমগ্ৰ অসমকে জোকাৰি গৈছিল আৰু অৱশেষত আজি ৯ মাহৰ মূৰকত  অভয়াখুঁটি  কাণ্ডৰ অভিযুক্ত তিনি পাষণ্ডক বিশেষ আদালতে এক ঐতিহাসিক ৰায়দানৰে দোষী সাব্যস্ত কৰিছে ৷ অৱশ্যে  ৮ এপ্ৰিলত আদালতে দোষী সাব্যস্ত হোৱা তিনিজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড নে ফাঁচীৰ ৰায় দিয়ে সেয়াহে লক্ষ্যণীয় হ'ব।

অভয়াখুঁটিৰ  জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত কেইগৰাকী হ’ল ক্ৰমে ফৰিজুল ৰহমান, মোজাম্মেল শ্বেখ আৰু নাজিবুল আলী ৷ কোকৰাঝাৰ সদৰ থানাত ৪৪০/২১  ৰুজু হোৱা গোচৰ সংক্ৰান্তত কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ চি চৰ্তুবেদীয়ে  অভিয়ুক্ত তিনিজনকে ভাৰতীয় দণ্ডবিধি আইনৰ  ১২০(বি)/৩০২/৩৭৬(এ)/৩৭৬(ডি)/৩৭৬(ডি)(এ)আইপিচি আৰু আৰ /ডব্লিউ ছেকচন  ৬ পছক“ এক্ট লগতে আৰ/ডব্লিউ ছেকচন ৩ (১)(ডব্লিউ)/৩(২)(৫) এছচি/এছটি প্ৰিভেনছন এক্ট ১৯৮১  মৰ্মে দোষী সাব্যস্ত কৰিছে ৷

উল্লেখ্য যে BTRৰ সদৰ কোকৰাঝাৰ জিলাৰ অভয়াখুঁটি নামৰ দূৰ্গম গাঁৱত  ৰাভা সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ভগ্নীক ২০২১ চনৰ ১১ জুনত অভিযুক্ত তিনিজনে দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি এডাল গছত চিপজৰী দি ওলোমাই থৈছিল ৷  এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি হোৱাত  ১৩ জুনত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই নিজে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰি এছআইটি গঠনৰে তাৎক্ষণিক তদন্তৰ ঘোষণা কৰিছিল আৰু সেই মৰ্মে আৰক্ষীয়ে তীব্ৰ গতিত তদন্ত আগবঢ়াই অভিযুক্ত কেইটাক আটক কৰিছিল ।
Published by:Manjumoni Borah
First published: