উজানবজাৰৰ ঘটনাত এই পৰ্যন্ত আটক কৰা হৈছে তিনিজনক ৷ নাম আশ্বিক গুপ্তা, কৰণ দাস আৰু জিতুমণি শৰ্মা৷ ইয়াৰে আশ্বিক গুপ্তা নিজৰ জেঠায়েকৰ ল'ৰা ৷ জিতুমণি কিশোৰীগৰাকীৰ ভাড়াতীয়া ঘৰৰ চুবুৰীয়া ৷ কৰণ আশ্বিকৰ বন্ধু ৷ আশ্বিক গুপ্তাই ঘটনা সংঘটিত হোৱাৰ প্ৰায় এমাহৰ পৰা বাস কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোত ৷ আন দিনৰ দৰে সেইদিনাও কিশোৰী ডিম্পলৰ লগত আছিল আশ্বিক ৷
পিতৃ–মাতৃ কৰ্মসূত্ৰে ওলাই আহিছিল গৃহৰ পৰা ৷ মাতৃ ৭ বাজি ৩০ মিনিটত আৰু পিতৃ ১০ বজাত ৷ ১০ বজাত পিতৃ ওলাই অহাৰ পিছত ১০ বাজি ১৫ মিনিটত ফোন কৰিছিল একমাত্ৰ কন্যা সন্তান ডিম্পলক ৷ সেই সময়ত ডিম্পলে ৰিচিভ কৰা নাছিল ফোন ৷ বিপৰীতে ফোন ৰিচিফ কৰিছিল আশ্বিকে ৷ সন্তান ডিম্পল বাথৰুমত থকা বাবে ফোন ৰিচিভ কৰিব নোৱৰা বুলিও জনাইছিল আশ্বিকে ৷
তাৰ কিছু সময় পিছত আশ্বিক গৈছিল ডিম্পলৰ পিতৃ–মাতৃৰ ৰেষ্টুৰেণ্টলৈ ৷ অৱশ–ভাৰাক্ৰান্ত মন লৈ দোকানত উপস্থিত হোৱা আশ্বিকক দেখি প্ৰশ্ন কৰিছিল ডিম্পলৰ মাতৃয়ে ৷ কিন্তু কোনো কথা প্ৰকাশ কৰা নাছিল আশ্বিকে ৷ ১১ বাজি ৩০ মিনিটত পোহৰলৈ আহিছিল ভয়ংকৰ ঘটনাটো, য'ত ডিম্পলৰ জেঠায়েকে গৃহলৈ গৈ প্ৰত্যক্ষ কৰিছিলৰ কিশোৰীগৰাকীৰ নিথৰ দেহ ৷
লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিল পৰিয়াল তথা আন আন লোক ৷ ইপিনে সোঁ–হাতৰ কটা আঙুলিত বেণ্ডেড লগাবলৈ আশ্বিকে বিচাৰি আছিল ফাৰ্মাচী ৷ ওচৰৰ এখন ফাৰ্মাচীৰ পৰা বেণ্ডেড ক্ৰয় কৰি লগাইছিল আঙুলিত ৷ আনহাতে আগদিনা পিন্ধি থকা কাপোৰ সলাইছিল আশ্বিকে, কিন্তু সলনি কৰা কাপোৰ পোৱা নাই গৃহত ৷ বাথৰুমত গা ধুবলৈ যোৱা বুলি কোৱা ডিম্পলৰ দেহত কিন্তু আছিল আগদিনাৰ একেই পোছাক ৷ অৰ্থাৎ বাথৰুমত কিশোৰীগৰাকী যোৱাটো মিছা।
এতিয়া প্ৰশ্ন উঠিছে আশ্বিকৰ আঙুলি কাটিলে কেনেকৈ, আগদিনাৰ পোছাক ক'ত গ'ল? কিয় মিছাকৈ ডিম্পলে বাথৰুমত যোৱা বুলি ক'লে আশ্বিকে? অৱশ্যে এতিয়াও আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তৰ নাম ঘোষণা কৰা নাই। কিন্তু অতি সোনকালে ওৰ পৰিব ৰহস্যৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।