নগাঁও চহৰৰ মৰিকলং বিলত আজি পুনৰ উদ্ধাৰ হয় এটা মৃতদেহ। দিনৰ প্ৰায় ২মান বজাত স্থানীয় ৰাইজে অৰ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে নগাঁও সদৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। প্ৰায় ৪৫ বছৰ বয়সৰ ব্যক্তিগৰাকীক কোনো লোকে হত্যা কৰি মৰিকলং বিলত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
আনহাতে বিগত ৭২ঘণ্টাত নগাঁৱত ৩টাকৈ মৃতদেহ উদ্ধাৰৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰথমটো মৃতদেহ উদ্ধাৰ হৈছিল নগাঁও চহৰৰ মাজমজিয়াৰ নেহেৰুবালিত। নগাঁৱৰ ইংলিছপট্টি অঞ্চলৰ পৰা সন্ধানহীন হৈ থকা চেণ্টু পাঠক নামৰ যুৱকজনৰ মৃতদেহ ক্ষতবিক্ষত অৱস্থাত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ একেবাৰে ওচৰৰ নেহেৰুবালিত উদ্ধাৰ হৈছিল দুদিন পিছত। বন্ধুয়ে ফোনযোগে মাতি আনি হত্যা কৰাৰ অভিযোগ তুলিছিল চেণ্টুৰ পৰিয়ালে।
ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱা নগাঁও চহৰৰ সমীপৱৰ্তী পাঠৰিত পৱন বৰা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। আগনিশা ৫বন্ধুয়ে সুৰাৰ পাৰ্টি কৰিবলৈ আহি যুৱকজনক হত্যা কৰাৰ কথা পোহৰলৈ আহে আৰক্ষীৰ তদন্তত। আৰক্ষীয়ে হত্যাকাণ্ডত জড়িতৰ সন্দেহত তাইজুদ্দিন আহমেদ, জোন আলী আৰু কেশৱানন্দ কেঁওটক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এতিয়াও পলাতক হৈ আছে মৃত পৱনৰ দুই বন্ধু।
আনহাতে বৰ্তমানলৈকে নগাঁও আৰক্ষীয়ে চেণ্টু পাঠকৰ হত্যাকাৰীৰ কোনো শুংসূত্ৰ পোৱা নাই। বটদ্ৰৱা থানা আক্ৰমণৰ পিছতে হঠাৎ নগাঁও চহৰত অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পোৱা কাৰ্যই চিন্তিত কৰি তুলিছে নগাঁৱৰ সাধাৰণ ৰাইজক।
Published by: Manjumoni Borah
FIRST PUBLISHED : May 28, 2022, 01:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।