যোৰহাট কাণ্ডই ৰাজ্য জোকাৰি থকাৰ সময়তে সৰুপথাৰৰ ৰজাপুখুৰীত সংঘটিত হৈছে নৃশংস কাণ্ড (brutal incident) ৷ এটা তিনিজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণৰ বলি হয় এজন যুৱক ৷
জানিব পৰা মতে, খুকুৰি আৰু মদৰ বটলেৰে আক্ৰমণ কৰে বজালবাৰীৰ ইক্ৰামূল হুছেইন নামৰ যুৱকগৰাকীক ৷
আক্ৰমণৰ ফলত অতি সংকটজনক অৱস্থাত (critical condition) সৰুপথাৰ সমূহীয়া প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে হুছেইনক৷
ইক্ৰামূল হুছেইনে গোলাঘাটৰ পৰা ঘৰ অভিমুখে গৈ থকা অৱস্থাত দুৰ্বৃত্তৰ দলটোৱে আগচি ধৰি আক্ৰমণ কৰে (miscreants attacked)৷ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱকজনৰ পৰা দুৰ্বৃত্তৰ দলটোৱে কাঢ়ি লৈ যায় তেওঁৰ লগত থকা নগদ ১৫ হাজাৰ টকা ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|