• Home
  • »
  • News
  • »
  • crime
  • »
  • Fake Teacher : ভুৱা প্ৰমাণপত্ৰৰে লৈছিল নিযুক্তি, বাক্সাত আৰক্ষীৰ জালত পৰিল তিনি ভুৱা শিক্ষয়িত্ৰী

Fake Teacher : ভুৱা প্ৰমাণপত্ৰৰে লৈছিল নিযুক্তি, বাক্সাত আৰক্ষীৰ জালত পৰিল তিনি ভুৱা শিক্ষয়িত্ৰী

আজি তামুলপুৰত তিনিগৰাকী ভুৱা শিক্ষয়িত্ৰীক আটক কৰে আৰক্ষীয়ে৷

আজি তামুলপুৰত তিনিগৰাকী ভুৱা শিক্ষয়িত্ৰীক আটক কৰে আৰক্ষীয়ে৷

আজি তামুলপুৰত তিনিগৰাকী ভুৱা শিক্ষয়িত্ৰীক আটক কৰে আৰক্ষীয়ে৷

  • Share this:
মাটিৰ দালালৰ পিছত এইবাৰ ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান৷ বিটিচিত লাভ কৰিছে ভুৱা টেট শিক্ষক নিযুক্তি৷ ভুৱা প্ৰমাণপত্ৰৰে একাংশ প্ৰাৰ্থীয়ে টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে আৰক্ষীয়ে চলাইছে অভিযান৷ বিটিচিত পোহৰলৈ আহিছে ৫২জন ভুৱা টেট শিক্ষকৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ তথ্য।

আজি তামুলপুৰত তিনিগৰাকী ভুৱা শিক্ষয়িত্ৰীক আটক কৰে আৰক্ষীয়ে৷ যোৱা ২৪ ছেপ্টেম্বৰত বিটিচি শিক্ষা সঞ্চালকৰ পৰা ৫২জনীয়া ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পাইছিল। তাৰ আধাৰতে আজি বাক্সা জিলাত নিযুক্তি লাভ কৰা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিগৰাকী ভুৱা টেট শিক্ষয়িত্ৰীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে।

ধৃত টেট শিক্ষয়িত্ৰীকেইগৰাকী ক্ৰমে ঢোলকুছি হাইস্কুলৰ কাজলী বড়ো, দেউলকুছি হাইস্কুলৰ অনিতা বড়ো আৰু দ্বাৰকুছি হাইস্কুলৰ ভৱানী বড়ো। এই তিনিগৰাকী শিক্ষয়িত্ৰীয়ে টেট উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল৷ বাক্সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চিআইডিয়ে তামুলপুৰ আৰক্ষীৰ সহযোগত শিক্ষয়িত্ৰী তিনিগৰাকীক দেউলকুছিস্থিত নিজ বাসগৃহৰ পৰা আটক কৰি তামুলপুৰ থানা লৈ আনে৷ পিছত অধিক তথ্যৰ বাবে আৰক্ষীৰ বিশেষ অনুসন্ধান শাখাই গুৱাহাটীলৈ লৈ যায় আটকাধীন তিনি শিক্ষয়িত্ৰীক৷
Published by:Sanjay Kumar Das
First published: