মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Drugs : মাৰাত্মক ড্ৰাগছৰ কৱলত ৰাজ্য়ৰ যুৱ প্ৰজন্ম, কোকৰাঝাৰত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক।

Drugs : মাৰাত্মক ড্ৰাগছৰ কৱলত ৰাজ্য়ৰ যুৱ প্ৰজন্ম, কোকৰাঝাৰত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক।

News18 Assam | News18-Assam
Updated:June 25, 2021, 7:10 PM IST
Drugs : মাৰাত্মক ড্ৰাগছৰ কৱলত ৰাজ্য়ৰ যুৱ প্ৰজন্ম, কোকৰাঝাৰত তিনি ড্ৰাগছ সৰবৰাহকাৰী আটক।
তিনিওটাৰ পৰা পোন্ধৰ হেজাৰ টকা, হুকা, ৩টা ছিৰিঞ্জ, ৩টা মোবাইল ফোন, কণ্টেইনাৰসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। 

তিনিওটাৰ পৰা পোন্ধৰ হেজাৰ টকা, হুকা, ৩টা ছিৰিঞ্জ, ৩টা মোবাইল ফোন, কণ্টেইনাৰসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়। 

  • Share this:
ৰাজ্যৰ উজনি-নামনি, বৰাক উপত্যকা তথা পাহাৰীয়া জিলাসমূহত অবৈধ ড্ৰাগছ(Drugs) সৰবৰাহ ভয়ানক ৰূপ ধাৰণ কৰাৰ লগতে দেশৰ ভৱিষ্যত প্ৰজন্মক পংগু কৰি অনিশ্চিত অন্ধকাৰৰ গৰাহলৈ ঠেলি দিছে ৷ আৰক্ষী প্ৰশাসনে প্ৰতিদিনে এনে অবৈধ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্বে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

বিটিআৰ (BTR) অঞ্চলতো অবৈধ ড্ৰাগছ সৰবৰাহে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ তাৰ মাজতে আজি কোকৰাঝাৰ (Kokrajhar) আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি  চহৰখনৰ বিভিন্ন স্থানৰ পৰা তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে নগদ টকাসহ ছিৰিঞ্জ, হুকা আদি বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰে ৷

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক কুমাৰ শইকীয়াই জানিব দিয়া মতে বাগানশালি অঞ্চলৰ পৰা সাগৰ দৈমাৰী, টেঙাপাৰাৰ গৌজৌনথাউ নাৰ্জাৰী আৰু ফৰেষ্ট কলনীৰ কেনেডী ব্ৰহ্ম নামৰ তিনিটা সৰবৰাহকাৰীক আটক কৰা হয় ৷ উল্লেখ্য যে ধৃত তিনিওজনৰ বয়স ২২ বছৰ।  তিনিওটাৰ পৰা পোন্ধৰ হেজাৰ টকা, হুকা, ৩টা ছিৰিঞ্জ, ৩টা মোবাইল ফোন,কণ্টেইনাৰসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।
Published by: Manjumoni Borah
First published: June 25, 2021, 7:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি