
প্ৰতীকী ফটো
MN 07 C 4292 নম্বৰৰ ট্ৰাক খনৰ ভিতৰত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি। গাড়ীৰ কেবিনৰ পৰা ৪০ পেকেট হিৰইন জব্দ কৰে আৰক্ষীয়ে।জব্দকৃত প্ৰায় আধা কেজি ওজনৰ ড্ৰাগছ খিনিৰ মূল্য চাৰি কোটি বুলি আৰক্ষীয়ে সদৰি কৰে।
ৰাজ্যজুৰি চলি থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে কামৰূপ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা। কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ নেতৃত্বত গুৱাহাটী বৰ্ণিহাটত চলোৱা অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ হয় ।
মহানগৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠক সহ আৰক্ষীৰ এক বৃহৎ দলে চলোৱা অভিযানত ড্ৰাগচৰ লগতে আটক হ'ল তিনি গৰাকী ড্ৰাগছ সৰবৰাহকাৰী। অভিযান সন্দৰ্ভত কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে আজি সন্ধিয়া আৰক্ষী অধিক্ষক কাৰ্যালয় সভা কক্ষত এক সংবাদমেল সম্বোধন কৰে । মণিপুৰৰ পৰা ড্ৰাগছ মাফিয়াৰ গেঙে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি সৰবৰাহ কৰাৰ কথা উল্লেখ কৰে কামৰূপ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰায়ে। অভিযানত আটক হয় মণিপুৰৰ, ৰমেশ কুমাৰ চেত্ৰী মণিপুৰৰ আইথেমচা মুছলাম আৰু মহানগৰীৰ ভেটাপাৰাৰ ইঅনোভা এম । MN 07 C 4292 নম্বৰৰ ট্ৰাক খনৰ ভিতৰত গোপন চেম্বাৰ বনাই সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি। গাড়ীৰ কেবিনৰ পৰা ৪০ পেকেট হিৰইন জব্দ কৰে আৰক্ষীয়ে।জব্দকৃত প্ৰায় আধা কেজি ওজনৰ ড্ৰাগছ খিনিৰ মূল্য চাৰি কোটি বুলি আৰক্ষীয়ে সদৰি কৰে।ইফালে শুক্ৰবাৰে নিশা আমিন গাঁৱত দুধৰ্ষ ড্ৰাগছ মাফিয়া এজনক এনকাউন্টাৰ কামৰূপ আৰক্ষীৰ। দুধৰ্ষ ড্ৰাগছ মাফিয়া ইঅনোভা এম(INAOVA M) গুলীবিদ্ধ কামৰূপ আৰক্ষীৰ গুলীত । কামৰূপ আৰক্ষীৰ চৰজমিন তদন্তৰ সময়ত আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে ইঅনোভা এমক ভৰিত গুলিয়াই আহত কৰে । আৰক্ষীৰ গুলীত ভৰিত আঘাতপ্ৰাপ্ত কুখ্যাত ড্ৰাগছ মাফিয়া গৰাকীক কামৰূপ জিলাৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ স্থানান্তৰ কৰা হয় । কামৰূপ আৰক্ষী অধিক্ষক হিতেশ চন্দ্ৰ ৰায়ে জানিবলৈ দিয়ামতে ,মণিপুৰৰ পৰা ড্ৰাগছ মাফিয়াৰ গেঙটোৱে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি মহানগৰীৰ ভেটাপাৰাৰ ইঅনোভা এম(INAOVA M)ৰ অৰ্ডাৰ অনুযায়ী সৰবৰাহ কৰিছিল । ড্ৰাগছ মাফিয়া কেইগৰাকীৰ সুত্ৰৰ ভিত্তিত মহানগৰীৰ ভেটাপাৰাৰ ইঅনোভা এম(INAOVA M) আটক কৰিছিল কামৰূপ আৰক্ষীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|