মুখ্যপৃষ্ঠা » খবৰ

» অপৰাধনামা

»Dog Thief: ধৰ ধৰ ধৰ কুকুৰ চোৰক ধৰ, বস্তা লৈ গাঁৱত টিঘিলঘিলাই ফুৰা তিনি কুকুৰ চোৰক কৰায়ত্ত

Dog Thief: ধৰ ধৰ ধৰ কুকুৰ চোৰক ধৰ, বস্তা লৈ গাঁৱত টিঘিলঘিলাই ফুৰা তিনি কুকুৰ চোৰক কৰায়ত্ত

News18 Assam | News18-Assam
Updated:September 24, 2021, 9:04 PM IST
Dog Thief: ধৰ ধৰ ধৰ কুকুৰ চোৰক ধৰ, বস্তা লৈ গাঁৱত টিঘিলঘিলাই ফুৰা তিনি কুকুৰ চোৰক কৰায়ত্ত
Dog Thief: অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভতুৱা কুকুৰ ধৰি বস্তাত ভৰাই সৰবৰাহ কৰে ডিমাপুৰ (Dimapur)ৰ বিভিন্ন স্থানত ৷ প্ৰতিটো কুকুৰৰ বাবদ সৰবৰাহকাৰীয়ে লাভ কৰে ১৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত ৷

Dog Thief: অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভতুৱা কুকুৰ ধৰি বস্তাত ভৰাই সৰবৰাহ কৰে ডিমাপুৰ (Dimapur)ৰ বিভিন্ন স্থানত ৷ প্ৰতিটো কুকুৰৰ বাবদ সৰবৰাহকাৰীয়ে লাভ কৰে ১৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত ৷

  • News18 Assam
  • Last Updated: September 24, 2021, 9:04 PM IST
  • Share this:
গৰু নহয়, এইবাৰ কুকুৰ সৰবৰাহ (Dog Smuggling) ৷ ডিমাপুৰত আছে অসমৰ কুকুৰৰ বৃহৎ চাহিদা ৷ সেয়ে মূলধন বিনিয়োগ নকৰাকৈয়ে ভতুৱা কুকুৰ সৰবৰাহেৰে ধন উপাৰ্জনৰ পথ বাচি লৈছে একাংশই ৷ বিভিন্ন কৌশলেৰে অসমৰ ভতুৱা কুকুৰ সৰবৰাহ হয় ডিমাপুৰলৈ ৷

কুকুৰ ধৰিবলৈ আহি বৃহস্পতিবাৰে নিশা জাগীৰোড (Jagirod)ৰ কুইয়াদলত ৰাইজৰ হাতত ধৰা পৰিল তিনিটা কুকুৰ সৰবৰাহকাৰী ৷ হাতত বস্তা আৰু মোনা লৈ নিশাৰ আন্ধাৰত অঞ্চলটোত অনাই বনাই ঘুৰি ফুৰিছিল তিনিজন লোক ৷ অচিনাকি লোককেইজনৰ ওপৰত সন্দেহ ওপজাত সোধা-পোছা কৰে স্থানীয় লোকে ৷ তিনিওজনৰে কথাত অমিল পোৱাত স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীৰ কথা শুনিয়েই এফালৰ পৰা ক'বলৈ ধৰিলে সকলো কথা ৷ ডিমাপুৰ (Dimapur)ত বসবাস কৰা এই তিনিওজন লোক অসমৰ ৷ এজনৰ ঘৰ নলবাৰীত, এজনৰ ঘৰ হাওৰাঘাটত আৰু আনজনৰ ঘৰ আকাশীগংগাত ৷

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভতুৱা কুকুৰ ধৰি বস্তাত ভৰাই সৰবৰাহ কৰে ডিমাপুৰৰ বিভিন্ন স্থানত ৷ প্ৰতিটো কুকুৰৰ বাবদ সৰবৰাহকাৰীয়ে লাভ কৰে ১৫০০ৰ পৰা ২০০০ টকা পৰ্যন্ত ৷

অৱশ্যে ৰাইজে কৰায়ত্ব কৰাৰ পিছতে সম্বিত ঘুৰি আহিল নিচাসক্ত অৱস্থাত থকা তিনি সৰবৰাহকাৰীৰ ৷ এয়া হেনো পাপ কাম, ৰাইজে এৰি দিলে আৰু কোনোদিনেই নকৰে এই পাপ বুলি কাকূতি কৰিবলৈ ধৰে তিনিওটাই ৷ অৱশেষত ঘটনাস্থলীত উপস্থিত হ’ল জাগীৰোড আৰক্ষী ৷ বস্তাত কুকুৰ ভৰাই নিবলৈ অহা তিনি সৰবৰাহকাৰীক আৰক্ষীৰ গাড়ীত ভৰাই লৈ গ’ল থানালৈ ৷

আনহাতে এইসকল সৰবৰাহকাৰীয়ে সুযোগ সুবিধা পালে কণ কণ শিশুকো অপহৰণ কৰিব পাৰে বুলি একাংশ স্থানীয় লোকে আশংকা প্ৰকাশ কৰিছে ৷ কুকুৰ সৰবৰাহৰ নামত এইসকল লোকেই গাঁৱে-ভূঞে টিঘিলঘিলাই ঘূৰি-ফুৰি সুবিধা পালেই শিশু অপহৰণ কৰিব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷
Published by: Manjumoni Borah
First published: September 24, 2021, 8:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি