ৰাজধানী দিল্লীৰ ৰোহিণী আদালত (Rohini Court)ত গোগী গেঙৰ নেতা জিতেন্দ্ৰ গোগী (Jitendra Gogi)ক আদালতৰ ভতৰতে ২০৭ নং কোঠাত উকীলৰ পোছাকত থকা দুজন দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। জীতেন্দ্ৰ গোগীৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু আৰক্ষীৰ গুলীত দুয়োটা দুৰ্বৃত্ত নিহত হয়। আৰক্ষীসূত্ৰই জনোৱা মতে গোগী গেঙৰ নেতা জিতেন্দ্ৰ গোগীৰ বিৰোধী সুনীল মান ওৰফে টিল্লু তাজপুৰীয়া (Tillu Tajpuria) গেঙৰ দুজনে এই আক্ৰমণ সংঘটিত কৰিছিল।
দিল্লীৰ আৰক্ষী আয়ুক্ত (Delhi Police Commissioner) ৰাকেশ আস্থানা (Rakesh Asthana)ই কয় যে এইটো গেংৱাৰ (gangwar)ৰ ঘটনা নাছিল, ই এটা আক্ৰমণৰ ঘটনাহে আছিল। অৱশ্যে, আদালত কক্ষত উকীলৰ পোছাকত দুৰ্বৃত্তৰ আগমনে নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। দিল্লীৰ ৰোহিণী আদালতত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত অধিবক্তা ললিত কুমাৰে কয় যে গোগীৰ এটা গোচৰৰ শুনানিৰ সময়ত এই ঘটনা সংঘটিত হৈছিল। ন্যায়াধীশ, কৰ্মচাৰী আৰু উকীলো উপস্থিত আছিল। এই গুলীচালনাত এজন ইণ্টাৰ্ন উকীলৰো ভৰিত গুলী লাগিছে। আচলতে নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত চুড়ান্ত অৱহেলা কৰা হৈছে।
প্ৰত্যক্ষদৰ্শী উকীল এজনে কয় যে আক্ৰমণকাৰী অধিবক্তাৰ পোছাকত আহিছিল। তেওঁলোকে গোগীলৈ একেৰাহে ৩ জাঁই গুলী মাৰিছিল । গোগীক সুৰক্ষা দি থকা দিল্লী আৰক্ষীৰ জোৱানসকলে ২৫-৩০জাঁই গুলীচালনা কৰিছিল, যাৰ ফলত ঘটনাস্থলীতে অপৰাধী দুটা নিহত হয়।
জিতেন্দ্ৰ গোগীক এবছৰ আগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল-প্ৰায় এবছৰৰ আগতে দিল্লী আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰাৰ পিছত গুৰগাওঁৰ চেক্টৰ ৮৩-ত অভিযান চলাই কুখ্যাত গেংষ্টাৰ জীতেন্দ্ৰ গোগীক গ্ৰেপ্তাৰ কৰিছিল। গোগীৰ সৈতে ফ্লেটটোত তেওঁৰ দলৰ তিনিজন সহযোগী কুলদীপ মান ওৰফে ফজ্জা, ৰোহিত ওৰফে মোই আৰু কপিল ওৰফে গৌৰৱ আছিল। আৰক্ষীয়ে ঘেৰাও কৰাৰ পাছত জিতেন্দ্ৰ গোগীয়ে ফোনত এটা ভিডিঅ' বনাই ইয়াক ভাইৰেল কৰিছিল। তেওঁ ভিডিঅ'টোৰ যোগেদি অভিযোগ তুলিছিল যে আৰক্ষীয়ে তেওঁৰ এণকাউণ্টাৰ কৰি পেলাব,কিন্তু তেওঁ আত্মসমৰ্পণ কৰিব বিচাৰিছে। লগতে তেওঁ ইয়াকো কৈছিল যে মই মোৰ সতীৰ্থ কুলদীপ আৰু মইৰ সৈতে আত্মসমৰ্পণ কৰিব বিচাৰোঁ। আমাৰ ওচৰত কোনো অস্ত্ৰ নাই। দিল্লীৰ আলিপুৰৰ বাসিন্দা গেংষ্টাৰ জীতেন্দ্ৰ গোগীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ ওপৰত প্ৰায় ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল। গোগী এটা কুখ্যাত গুণ্ডা আছিল যাৰ ওপৰত হত্যা, ধন দাবী আৰু আৰক্ষীক আক্ৰমণ কৰা আদিকে ধৰি অনেক গোচৰ ৰুজু আছিল। উল্লেখ্য যে কেইমাহমান আগতে, জিতেন্দ্ৰ গোগীৰ বিশেষ ঘনিষ্ঠ বুলি জনাজাত কুলদীপ মান ওৰফে ফজ্জা দিল্লী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল। এই সংঘৰ্ষটো ৰোহিণী অঞ্চলৰ এটা ফ্লেটত সংঘটিত হৈছিল।
টিলু আৰু জিতেন্দ্ৰৰ শত্ৰুতা বহুত পুৰণি-আৰক্ষীসূত্ৰই জনোৱা মতে, টিল্লু তাজপুৰিয়া আৰু জিতেন্দ্ৰ গোগী দুয়ো দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰদ্ধানন্দ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল আৰু দুয়োৰে মাজত শত্ৰুতা মহাবিদ্যালয়ৰ সময়ৰ পৰা আৰম্ভ হৈছিল। তদুপৰি, যোৱা ৩-৪ বছৰত গোগী দল আৰু টিল্লু তাজপুৰীয়া দলৰ মাজত ২০টাতকৈও অধিক গেং ৱাৰ হৈছিল, আৰু বহু লোক নিহতও হৈছিল। ইয়াৰ পূৰ্বে, দিল্লীৰ বুৰাৰী অঞ্চলতো দুয়োটা দলৰ মাজত সংঘৰ্ষ হৈছিল য'ত তিনিজন লোকে প্ৰাণ হেৰুৱাইছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|